WATCH | Abhayapuri News : আলু ভৰ্তি ট্ৰাকত ওলাল ২৫টাকৈ গৰু
অভয়াপুৰী,১৮মে’ : আলু ভৰ্তি ট্ৰাকত ওলাল গৰু। অভয়াপুৰীত দুৰ্ঘটনাগ্ৰস্ত আলু ট্ৰাকত ওলাল ২৫ টা গৰু,মৃত ৩টা গৰু। বঙাইগাঁও জিলাৰ শিঙিমাৰীত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে দুৰ্ঘটনা ।
আজি পুৱাৰ ভাগত দেওহাটী দিশৰ পৰা যোগীঘোপা অভিমুখে গৈ থকা AS 17C 5802 নম্বৰৰ ৬ চকীয়া আলুভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখনত মজুত থকা আলুভৰ্তি বস্তাৰ সৈতে প্ৰায় ২৫ টা জীৱিত গৰুৰ লগতে ৩ টা মৃত গৰু প্ৰত্যক্ষ কৰে। স্থানীয় ৰাইজে গৰুসমূহ প্ৰত্যক্ষ কৰি জীৱিত গৰু সমূহ এৰাল দিয়ে(Abhayapuri News)।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ চালকক আটক কৰে। অবৈধ গৰু সৰবৰাহ চক্ৰ যে সক্ৰিয় হৈ আছে এই ঘটনাই প্ৰমাণ কৰিছে বুলি অভিযোগ স্থানীয় ৰাইজৰ।এনে অবৈধ গৰু সৰবৰাহ বন্ধ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে।
লগতে পঢ়ক : WATCH | Son Brutally Killed Father : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ !