WATCH | Sonari News : গাঁও পঞ্চায়তৰ বিজয়ী প্ৰাৰ্থী সকলৰ অভিনন্দন
সোণাৰি,১৭মে’ : গাঁও পঞ্চায়তৰ বিজয়ী প্ৰাৰ্থী সকলৰ অভিনন্দন। সদ্য অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত সোণাৰি সমষ্টিৰ অন্তৰ্গত বিভিন্ন জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ড সমূহৰ পৰা নিৰ্বাচিত হৈ অহা বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ প্ৰাৰ্থী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য এক সভাৰ আয়োজন কৰা হয়(Sonari News)।
সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জ্যেষ্ঠ বিজেপি নেতা অনুপ সিং ৰাজপুৰোহিত, সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ প্ৰমুখ্য অন্যান্য দলীয় কাৰ্যকর্তা সকলে।
বিজয় গগৈয়ে আঁতধৰা সভাৰ অন্তত বিজয়ী প্ৰাৰ্থী সকলক একোখনকৈ গামোচা, চেলেং চাদৰ আৰু এখন সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
লগতে পঢ়ক : WATCH | Cachar News : কাছাৰত অমানৱীয় ঘটনা