Local, Vocal, Global

WATCH | Bhupen Kumar Borah : কি আচৰিত ! ভূপেন বৰাৰ সপোনৰ কথা জানে মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক,১৭ মে’ : কি আচৰিত ! ভূপেন বৰাৰ সপোনৰ কথা জানে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানে ভূপেন বৰাৰ সপোনৰ কথা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সভাপতি ভুপেন বৰাই সপোনত কি দেখে সেইয়া আগতীয়াকৈ জানে। সভাপতি ভুপেন বৰাৰ সপোন কিমান বাস্তৱায়িত হল, আৰু কিমান হোৱা নাই সেই কথাও জানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু কেনেকৈ ? এই কথা জানিবলৈ হলে আমি অলপ পিছলৈ ঘুৰি যাব লাগিব অৰ্থাত সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনলৈ। তেতিয়া দিছপুৰত কংগ্ৰেছৰ চৰকাৰ আছিল।

সেই সময়ত হিতেশ্বৰ শইকীয়া মানেই যেন অসমীয়া জাতিৰ শত্ৰু। কংগ্ৰেছ মানেই যেন অসমীয়াৰ চকুৰ কুটা, দাঁতৰ হুল । কেৱল এইয়াই নহয় সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক আখ্যা দিয়া হৈছিল । ‘গণশত্ৰু’ বুলিও মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনত বা সেই সময়ত সদৌ অসম ছাত্ৰ সন্থা অসমত এক উজ্জীৱিত শক্তিস্বৰূপ আছিল। ঠিক সেইখিনি সময়তেই অসমৰ ৰাজনীতিত এটা বৰ ডাঙৰ ‘অঘটন’ ঘটিছিল ৷ যিজন হিতেশ্বৰ শইকীয়াক সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ গৰিষ্ঠসংখ্যক ৰাইজে গণশত্ৰু বুলি আখ্যা দিছিল, সেইজন মুখ্যমন্ত্ৰীৰেই আৰ্শীবাদ শিৰত লৈ দুজন শীৰ্ষ আছু নেতাই সংগোপনে গৈ কংগ্ৰেছ দলত যোগদান কৰিছিল ৷ ইয়াৰে এজন আছিল উজনিৰ, আনজন আছিল নামনিৰ

দুয়োৰে ৰাজনৈতিক গুৰু আছিল প্ৰয়াত হিতেশ্বৰ শইকীয়া। পিছে কোন আছিল এই দুজন আছু নেতা(Bhupen Kumar Borah)।

এতিয়া শুনক আচল কথা । নামনিৰ আছু নেতাজন আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু উজনিৰ আছিল বৰ্তমানৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ভূপেন বৰাই একেদিনাই দুয়োজনে কংগ্ৰেছত যোগদান কৰিছিল। আজিৰ তাৰিখত দুয়ো দুটা বেলেগ বেলেগ দলৰ আগশাৰীৰ নেতা ৷ এজন বিজেপিৰ মুখ্যমন্ত্ৰী, আনজন কংগ্ৰেছৰ সভাপতি ৷

দুয়োজনৰে দল বেলেগ হ’ব পাৰে। কিন্তু ইজনে সিজনৰ কথা খুব ভালকৈয়ে জানে।

সেয়েহে সভাপতি ভূপেন বৰাই কি সপোন দেখে বা দেখিছিল সেয়া কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিমান জানে সিমানখিনি হয়তো আন কোনেও নাজানিব পাৰে ৷ একেদৰে হিমন্ত বিশ্ব শৰ্মাৰ সপোন কি সেয়াও হয়তো খুব ভালকৈয়ে জানে ভূপেন বৰাই। বুধবাৰে বিশ্বনাথত ভূপেন বৰাই কৈয়ে পেলালে ‘‘মই দেখা সপোনখিনিৰ কিমানখিনি পূৰণ হ’ল আৰু কিমানখিনি পূৰণ হ’বলৈ বাকী আছে সেই কথা মুখ্যমন্ত্ৰীয়ে খুব ভালকৈয়ে জানে ৷ আমি দুয়োজন একে বয়সৰ, দুয়ো মেট্ৰিকো দিছো একে বছৰতে ৷’’

শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত বৰাই কয়, ‘‘যি দল দিছপুৰত থাকে,অসমৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত সেই চৰকাৰৰ পক্ষে ভোট দান কৰি আহিছে। যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ আছিল ২০১৩ চনত,তেতিয়া বিজেপিয়ে অসমত কেৱল ১৫ খনহে জিলা পৰিষদ আসনত জয় লাভ কৰিবলৈ সক্ষম হৈছিল । আনকি এইবাৰ আমি ৪০খন জিলা পৰিষদত মাত্ৰ ৫০০ ভোটৰ আশে-পাশে আৰু বহু আঞ্চলিক সদস্য মাত্ৰ ১০০ ভোটৰ আশে-পাশে পৰাজিত হৈছো । ফলাফল আৰু ভাল হোৱা হ’লে ভাল লাগিলহেতেন ।’’

লগতে পঢ়ক : WATCH | North Guwahati : ডিচেম্বৰ মাহত মুকলি হ’ব গুৱাহাটী -উত্তৰ গুৱাহাটী দলং