Local, Vocal, Global

WATCH | Sipajhar News : ছিপাঝাৰৰ বৰদৌলগুৰিৰ অৱসৰী শিক্ষক,সমাজ সংগঠক ধৰণী ধৰ নাথলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান

ছিপাঝাৰ,১৭মে’ : ছিপাঝাৰৰ বৰদৌলগুৰিৰ অৱসৰী শিক্ষক,সমাজ সংগঠক ধৰণী ধৰ নাথলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান। ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় আইকন বঁটা ২০২৫ সন্মান লাভ কৰিলে ধৰণী ধৰ নাথে।

ছিপাঝাৰৰ বৰদৌলগুৰিৰ অৱসৰী শিক্ষক তথা সমাজ সংগঠক, সাহিত্যিক ধৰণী ধৰ নাথলৈ ‘ত্ৰিকোণ ফ’ৰ ওৱল্ড ফাউন্ডেশ্বন’ ৰ “ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা ইণ্টাৰনেচনেল আইকন এৱাৰ্ড ২০২৫” সন্মান প্ৰদান কৰে(Sipajhar News)।

চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত এই সন্মান প্ৰদান কৰে। পূর্বেও ধৰণী ধৰ নাথে নতুন দিল্লীত মাহেকীয়া আলোচনী ৰহস্যৰ ‘শিক্ষাৰত্ন বঁটা ২০২৩’, মুম্বাইত ‘চমতা সাহিত্য অকাডেমি বঁটা ২০২৩’, ‘আধ্যাত্মিক সাংস্কৃতিক সৌৰভ বঁটা ২০২১-২০২২’, ‘বিন্দু প্ৰজ্ঞান বঁটা’, ‘গুৰু বৈভৱ উপাধি’ এইসমূহ সন্মান লাভৰ উপৰিও ভালেমান অনুষ্ঠান-প্ৰতিষ্ঠানে জনাইছে অভিনন্দন তথা সম্বৰ্দ্ধনা।

সমাজৰ প্ৰতিটো দিশতে আগবঢ়া অৱসৰী শিক্ষক নাথে ‘নামঘৰঃ শ্ৰীমন্ত শংকৰদেৱ’ নামৰ এখনি গ্ৰন্থ প্ৰকাশ কৰিছে। শেহতীয়াকৈ ধৰণী ধৰ নাথে লাভ কৰা “ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা ইণ্টাৰনেচনেল আইকন এৱাৰ্ড ২০২৫” সন্মানৰ বাবে বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে জনাইছে শুভেচ্ছা।

লগতে পঢ়ক : WATCH | Sensational incident : ই-ৰিক্সা চালকৰ ধৰ্ষণৰ অপচেষ্টা ২৪ বছৰীয়া যুৱতীক