WATCH | Mangaldoi News : সামাজিক মাধ্যমত অশালীন মন্তব্য কৰি আৰক্ষীৰ জালত ইছমাইল হুছেইন
মঙলদৈ,১৭মে’ : সামাজিক মাধ্যমত অশালীন মন্তব্য কৰি আৰক্ষীৰ জালত ইছমাইল হুছেইন। যোৰহাটৰ এটা মছজিদৰ পৰা ইছমাইল হুছেইনক আটক কৰে আৰক্ষীয়ে ।
উল্লেখযোগ্য যে ইছমাইল হুছেইনৰ ঘৰ বৰপেটাত যদিও কৰ্ম সূত্ৰে গুৱাহাটীত থাকে , কিন্তু আৰক্ষীয়ে ইছমাইল হুছেইনৰ মোবাইল Location ৰ ভিত্তিত যোৰহাটৰ এটি মছজিদৰ পৰা আটক কৰে(Mangaldoi News)।
কি কাৰণত যোৰহাটৰ মছজিদত ইছমাইল হুছেইন আছিল গৈ তাৰ তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই। উল্লেখযোগ্য যে কালি উৰ্মীলা দত্ত নামৰ এগৰাকী মহিলাই ইছমাইল হুছেইনৰ বিৰুদ্ধে মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। উৰ্মীলা দত্তক সামাজিক মাধ্যমত অশালীন ব্যৱহাৰ কৰিছিল।
লগতে পঢ়ক : WATCH | Mushalpur News : কৰ্মৰত মিস্ত্ৰীক বিপিএফৰ লোকে মাৰপিট কৰাৰ অভিযোগ