WATCH | Himanta Biswa Sarma: ”নিৰ্বাচনৰ ফলাফল ভাল হ’লে অহংকাৰী হ’ব নালাগে!পঞ্চায়ত নিৰ্বাচন ভাল ফলাফল হোৱাৰ বাবেই গোৱালপাৰা ধুবুৰীলৈ আহিছোঁ”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গোৱালপাৰা,১৫মে’ : আজি গোৱালপাৰাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কেবাটাও কাৰ্য্যসূচী হাতত লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে উপস্থিত হয় গোৱালপাৰাত। জিলাখনৰ আগিয়া’ত স্থাপন হ’ব গোৱালপাৰা চিকিৎসা মহাবিদ্যালয়। চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন কৰিবলৈ আজি দুপৰীয়া ভাগত গোৱালপাৰা আগিয়াত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
ভূমি পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যম সম্বোধন কয় যে,”চলিত বৰ্ষৰ শেষৰ ফালে নাইবা আগন্তক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ কৰা হব।চিকিৎসা মহাবিদ্যালয়ৰ স্থাপনৰ ক্ষেত্ৰত ভূমি যথেষ্ট নহয় যদিও ৰাইজৰ পৰা ভূমি ক্ৰয় কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে(Himanta Biswa Sarma)।
ইপিনে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী গৰাকী কয় যে, পঞ্চায়ত নিৰ্বাচনত বিজেপি অগপ মিত্ৰজোটৰ ফলাফল যথেষ্ট ভাল হৈছে। বিশেষকৈ সংখ্যালঘু অদ্যঘোষিত অঞ্চলবোৰত কেবাটাও জিলা পৰিষদ আসন দখল কৰিবলৈ সক্ষম হৈছে। নিৰ্বাচনৰ ফলাফল ভাল হৈছে কাৰণে অহংকাৰী হ’ব নালাগে।অহংকাৰী হ’লে কংগ্ৰেছ দলৰ দৰে অৱস্থা হব।পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ভাল হোৱাৰ বাবে ধুবুৰী গোৱালপাৰা জিলাৰ লগতে উজনি অসমৰ কেবাটাও জিলালৈ ঘূৰি আছোঁ।আগন্তক ২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি’য়ে গোৱালপাৰা জিলাৰ চাৰিওটা বিধানসভা সমষ্টিত ভাল ফলাফল লাভ কৰিব বুলি বুলি মত ব্যক্ত কৰে।
নিৰ্বাচনৰ ভাল ফলাফল মানে ৰাইজে মত দিয়ে যে আমি বিজেপিৰ লগত আছোঁ আৰু বিজেপিয়ে যদি বেয়া কাম কৰে তেনেহলে আমি বিজেপিৰ লগত নাই।অসমৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত তাৰেই ইংগিত দিলে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।
লগতে পঢ়ক : WATCH | Sipajar News : দুৱৰীপাৰাত লোক নিৰ্মাণ বিভাগৰ জৰাজীৰ্ণ পকীপথত পুখুৰী সদৃশ পৰিৱেশ