WATCH | Himanta Biswa Sarma : চাপৰৰ শালকোচা উচ্চতৰ মাধ্যমিক খেলপথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
চাপৰ,১৫মে’ : চাপৰৰ শালকোচা উচ্চতৰ মাধ্যমিক খেলপথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। উচ্চতৰ মাধ্যমিক খেলপথাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকী পোনে পোনে শালকোচাৰ পৰা ৰাওনা হয় আদানি গ্ৰুপক তাপ বিদ্যুৎ প্ৰকল্পৰ নামত চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সন্তোষপুৰ চৰুৱাবাখৰা আদি অঞ্চলৰ পৰা আবন্টন দিয়া প্ৰায় ৩৫০০ বিঘা ভূমি পৰ্যবেক্ষণ কৰিবলৈ। মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে মন্ত্ৰী প্ৰশান্ত ফুকন(Himanta Biswa Sarma)।
প্ৰায় ১৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিবলগীয়া তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে প্ৰয়োজনীয় মাটি ডোখৰ ইতিমধ্যে পৰ্যবেক্ষণ কৰি গৈছে গৌতম আদানীৰ পুত্ৰ জিৎ আদানীসহ আদানী গ্রুপৰ ১৩ জনীয়া এটা দলে।
যোৱা ২২ এপ্ৰিলৰ দিনা আদানী গ্ৰুপে মাটি ডোখৰ পৰ্যবেক্ষণ কৰাৰ পিছত আজি প্ৰস্তাৱিত মাটি ডোখৰ পৰ্যবেক্ষণ কৰিবৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰীৰ গৰাকীৰ উক্ত কাৰ্যসূচী সামৰি ৰাওনা হ’ব গোৱালপাৰালৈ।
লগতে পঢ়ক : WATCH | Gelakey News : এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী