WATCH | Gelakey News : এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী
গেলেকী,১৫মে’ : নামতিৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী শুনিলে চকু সেমেকি উঠিব আপোনাৰো।
পৰিয়ালটোলৈ মন কৰক দুখ যন্ত্ৰণাত চটফটাই থকা এটা অতিকৈ দৰিদ্ৰ পৰিয়াল।
শিৱসাগৰ জিলাৰ নামতি আলি গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ শালকাঠনিৰ এই দুৰ্ভগীয়া পৰিয়ালটো। এহাল দম্পতী নৃপেন দত্ত আৰু নিকুঞ্জ দত্ত নৃপেন দত্ত পেচাত এজন ঠেলা চালক।
মাজে সময়ে আনৰ ঘৰত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে নৃপেন দত্তই। জৰাজীৰ্ণ বাসগৃহ,নাপালে এটা চৰকাৰী আৱাসগৃহ। ঠেলা চলাই পৰিয়াল পোহপাল দিয়া নৃপেন দত্তৰ গৃহটো বসবাসৰ অনুপযোগী হৈ পৰিছে( Gelakey News)।
বতাহ বৰষুণে গৃহৰ টিনপাত উৰুৱাই নষ্ট কৰাৰ ফলত এক যন্ত্ৰণাময় জীৱন অতিবাহিত কৰিব লগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে।
কোনো এখন চৰকাৰৰ পঞ্চায়ত প্ৰতিনিধিৰ কৃপা দৃষ্টিত নপৰিল এই পৰিয়ালটো।
জ্যেষ্ঠ কন্যাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হ’ল যদিও দুৰ্ভগীয়া পৰিয়ালটোলৈ নামি আহিল দুখ কেৱল দুখ।
কাৰণ নিজ কন্যাক শিক্ষা গ্ৰহণ কৰিবলৈ সামৰ্থ্য নাই পৰিয়ালটোৰ।
এটা দিন হাজিৰা কাম নাপালে লঘোনে নিশা পাৰ কৰে এই পৰিয়ালটোৱে।
শাসনাধিষ্ঠ চৰকাৰ খনে দৰিদ্ৰৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে ঠিকেই কিন্তু বাচনিৰ তালিকাত এনেবোৰ পৰিয়াল অন্তৰ্ভুক্ত নোহোৱাটো অতিকৈ দুৰ্ভাগ্যজনক।
লগতে পঢ়ক : WATCH | Gelakey News : গেলেকী আঞ্চলিক শৈক্ষিক বিকাশ ন্যাসৰ সৌজন্যত অভিনন্দন বঁটা প্ৰদান অনুষ্ঠান