Local, Vocal, Global

WATCH | Gossaigaon News : পাকিস্তান জিন্দাবাদ পোষ্ট-কমেন্ট কৰা সকলৰো আছে সমৰ্থক!

গোসাইগাঁও,১৪মে’ : পেহেলগাম ঘটনাৰ পিছত ভাৰতে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিলে আৰু অৱশেষত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হ’ল। এই সময়চোৱাত ভাৰত চৰকাৰ তথা আমাৰ সেনা বাহিনীয়ে চিৰবৈৰী পাকিস্তানৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি বুজাই দিলে যে- ভাৰতক আক্ৰমণ কৰা কোনোৱেই শান্তিত থাকিব নোৱাৰিব(Gossaigaon News)।

কিন্তু ভাৰত মাৰ বুকুতেই জন্ম লৈ, ভাৰতৰে বায়ু-পানী সেৱন কৰি একাংশই আকৌ পাকিস্তানক সমৰ্থক কৰা পৰিলক্ষিত হৈছে। ইয়াৰে দুই-এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও বহু এনে লোক আছে, যিয়ে পাকিস্তানক পূৰ্ণ সমৰ্থন জনাই ঘৰ শত্ৰু বিভীষণ হৈ ভাৰতৰ বুকুতেই থিতাপি লৈ বহি আছে।

দেশদ্ৰোহীৰ বিৰুদ্ধে বাতৰি নকৰিবলৈ দাবী ABMSU নেতাৰ। সাংবাদিকক ফোনযোগে ধমক ABMSU নেতাৰ।

সাম্প্ৰতিক বাৰ্তাত কৰ্মৰত তথা এগৰাকী নিষ্ঠাবান সাংবাদিকে এতিয়া ফোনত ধমক-ভাবুকি পাইছে বিটিচি ABMSU নেতাৰ পৰা। কাৰণ এটাই যে সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন জনোৱা এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাতৰি সম্প্ৰচাৰ কৰিছিল আনোৱাৰ হুছেইন নামৰ সাংবাদিকগৰাকীয়ে। চাপৰৰ শিঙাৰপাকৰ জমিৰ আলী নামৰ পাকিস্তান সমৰ্থকটোৰ বাতৰি সংগ্ৰহ কৰাৰ খবৰ পোৱাৰ পিছতেই যেন গা জ্বলি উঠিল ।

সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা ABMSU ভাঁওৰাগুৰী আঞ্চলিকৰ সম্পাদক ছফিকুল আলীৰ।

ইফালে সাংবাদিক আনোৱাৰ হুছেইনে কয় যে- ‘মোক সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা ABMSU ভাঁওৰাগুৰী আঞ্চলিকৰ সম্পাদক ছফিকুল আলীয়ে ফোন কৰি প্ৰশ্ন কৰে যে এনেধৰণৰ বাতৰি কিয় প্ৰচাৰ কৰি আছা? এনেধৰণৰ বাতৰি কৰিব নালাগে। মই তেতিয়া সুধিছিলো যে- মই এগৰাকী ভাৰতীয় নাগৰিক। গতিকে মই পাকিস্তান সমৰ্থকৰ বিৰুদ্ধে বাতৰি কৰিমেই। তাৰপিছতে ছফিকুল আলীয়ে মোক এইবোৰ বাতৰি নকৰিব বুলি কৈ গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে।’

উল্লেখ্য যে, দেশৰ সৈনিক সীমান্তত থিয় হৈ দেশক শত্ৰুৰাষ্ট্ৰৰ পৰা সুৰক্ষা দি আছে যদিও একাংশ এনে লোকো আছে যি ভাৰতৰ ভিতৰতেই থাকি সমৰ্থন কৰি আহিছে পাকিস্তানক। এনে ঘৰ শত্ৰু বিভীষণক আৰক্ষীয়ে অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা এনে পাকিস্তান সমৰ্থকবোৰে ঘূণে খোৱা কাঠৰ দৰে আমাৰ দেশখনকো ক্ষতি কৰি থাকিব।

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : সোণাপুৰৰ কচুতলিত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা