WATCH | Dead body found : গোৰেশ্বৰৰ কলবাৰীত নিৰুদ্দিষ্ট মহিলাৰ মৃতদেহ উদ্ধাৰ
গোৰেশ্বৰ,১৪মে’ : গোৰেশ্বৰৰ কলবাৰীত নিৰুদ্দিষ্ট মহিলাৰ মৃতদেহ উদ্ধাৰ । পথাৰত গাঁত খান্দি পুতি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো। মৃতদেহ উদ্ধাৰক লৈ কলবাৰীত তীব্ৰ চাঞ্চল্য।
উল্লেখ্য যে, বিগত ৯দিনে সন্ধানহীন হৈ আছিল কলবাৰীৰ নন্দী ৰাজবংশীৰ পত্নী মমী ৰাজবংশী। ৫ মে’ ৰ পৰা সন্ধিয়া পথাৰত গৰু আনিবলৈ গৈ ৯দিন ধৰি নিৰুদ্দেশ হৈ আছিল মহিলাগৰাকী। ইয়াৰ মাজতে ১৩ তাৰিখে ঘৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ দুৰৈৰ পথাৰত উদ্ধাৰ হয় মৃতদেহটো(Dead body found)।
একেখন গাঁৱৰে কালীচৰন নাথে পথাৰত কঠিয়া সিঁচিবৰ বাবে আলিৰ কাষ কাতোটে মাটিৰ তলত এখন চাদৰৰ কিয়দংশ প্ৰত্যক্ষ কৰে।ইয়াৰ পিছতে মমী ৰাজবংশীৰ চাদৰ হ’ব পাৰে বুলি সন্দেহবশত স্থানীয় লোকক খবৰ দিয়ে। লগে লগে এই ঘটনা সন্দৰ্ভত আৰক্ষীকো খবৰ দিয়া হয়।
পিছত গোৰেশ্বৰ থানা আৰু শুৱাগপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত গাঁত খান্দি মৃতদেহটো উদ্ধাৰ কৰে। লগতে মৃতদেহটো মমী ৰাজবংশীৰ বুলি স্বামী নন্দী ৰাজবংশীয়ে চিনাক্ত কৰে। মহিলা গৰাকীৰ মৃতদেহ ডিঙি কটা অৱস্থাত উদ্ধাৰ হোৱা গাঁতটোৰ পৰা এটা কলা ৰঙৰ টি ছাৰ্ট উদ্ধাৰ কৰা হৈছে আৰু টি ছাৰ্টটো হত্যাকাৰী কল্যাণ ৰাজবংশীৰ বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক : WATCH | Heated situation : নিশা লামডিঙত উত্তপ্ত পৰিস্থিতি