Local, Vocal, Global

WATCH | Heated situation : নিশা লামডিঙত উত্তপ্ত পৰিস্থিতি

লামডিং,১৪মে’ : নিশা লামডিঙত উত্তপ্ত পৰিস্থিতি ৷

উত্তৰ লামডিং লংকা ৰ’ডত নিশা উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ৰয়েল ব্লু নামৰ এখনি অবৈধ সুৰাৰ বিপনীক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাৰ ৷

অবৈধ সুৰাৰ বিপনীখনত ড্ৰাগছ বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগ একাংশ ৰাইজৰ ৷

অবৈধ সুৰাৰ বিপনীখনৰ স্বত্ত্বাধিকাৰীয়ে দুজন যুৱকক বান্ধি মাৰপিট কৰাৰ অভিযোগ(Heated situation)৷

৩০০-৪০০ টকাৰ বিনিময়ত সৰু সৰু যুৱক সকলক ড্ৰাগছৰ গৰাহলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৰয়েল ব্লু নামৰ প্ৰতিষ্ঠানখন স্বত্ত্বাধিকাৰীৰ ওপৰত ৷

ভূক্তভুগী যুৱকদ্বয় সুজিত চৰকাৰ আৰু ৰাহুলৰ পৰিয়ালবৰ্গই ব্যৱসায়ীক প্ৰতিষ্ঠানখনত উপস্থিত হৈ যুৱকদ্বয়ৰ উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়েও ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : Watch | Election violence occurs in the premises of the polling station: চাপৰৰ পুঠিমাৰীত সংঘটিত হয় নিৰ্বাচনী হিংসাত্মক ঘটনা