WATCH | Sonari News : চৰাইদেউ জিলাত পঞ্চায়তৰ ভোট গণনাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

সোণাৰি,১৩মে’ : চৰাইদেউ জিলাত পঞ্চায়তৰ ভোট গণনাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ। দেওবাৰে সামৰণী পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে চৰাইদেউ জিলা কংগ্ৰেছে।
সোণাৰিৰ বিধান সভা সমষ্টিৰ অন্তগৰ্ত লংপতীয়া গাওঁ পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী প্ৰফুল্ল বৰুৱা ৪৫৯ টা ভোট লাভ কৰি জয়ী হৈছিল বুলি ভোটগণণাৰ অন্তত ঘোষণা কৰিছিল যদিও দেওবাৰে জিলা প্ৰশাসনে প্ৰকাশ কৰা তালিকাত জয়ী প্ৰাৰ্থী প্ৰফুল্ল বৰুৱাৰ বিপৰীতে বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী অৰূপ বৰুৱাৰ নাম প্ৰকাশ পোৱাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে(Sonari News)।
আজি ক্ষুব্ধ কংগ্ৰেছ কৰ্মী আৰু লংপতিয়াৰ একাংশ ৰাইজে বিষয়টোৰ প্ৰতিবাদ জনোৱাৰ লগতে জিলা আয়ুক্তক সাক্ষাৎ কৰি ইয়াৰ এক উচিত তদন্তৰ দাবী জনায়।
লগতে পঢ়ক : WATCH | Sipajar News : ছিপাঝাৰত জলসম্পদ মন্ত্ৰীৰ এক্সন