WATCH | Moirabari News : মৈৰাবাৰী জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী পৰিমা খানমৰ বৃহৎ জয়
মৈৰাবাৰী,১৩মে’ : মৈৰাবাৰী জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী পৰিমা খানমৰ বৃহৎ জয়।
কংগ্ৰেছৰ প্ৰাৰ্থী পৰিমা খানমে মুঠ ২১৬৪২ টা ভোট লাভ কৰে।
বৃহৎ ভোটৰ ব্যৱধানত অৰ্থাৎ ৯৫২১ টা ভোটৰ ব্যৱধানত জয়ী হয় কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী।
নিকটতম ভোট পোৱা প্ৰাৰ্থী গৰাকী ৰাইজৰ দলৰ প্ৰাৰ্থী মাছুকা আহমেদে লাভ কৰে মুঠ ১২০৯৪ টা ভোট।
আনহাতে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী চেলিমা পাৰবিনে লাভ কৰে ৯২৯৩ টা ভোট(Moirabari News)।
পৰিমা খানমৰ অভিভাৱক তথা কংগ্ৰেছ নেতা ইজ্জত আলিয়ে ভোটাৰ ৰাইজক ধন্যবাদ জনায় কয় যে- ৰাইজৰ হৈ আৰু অধিক উদ্যোমেৰে কাম কৰি যাম কিয়নো ৰাইজে মোৰ প্ৰাৰ্থীক জয়ী কৰাইছে।
লগতে পঢ়ক : WATCH | Satabdi Borah : ‘এনেকৈ দুদিনত কেনেকৈ বিহু পাতিব পাৰিব’