WATCH | Guwahati Press Club : গুৱাহাটী প্ৰেছ ক্লাবত গিৰিজা মেধিৰ জীৱনৰ “এৰি অহা দিনবোৰ” উন্মোচন
নলবাৰী,১৩মে’ : গুৱাহাটী প্ৰেছ ক্লাবত গিৰিজা মেধিৰ জীৱনৰ “এৰি অহা দিনবোৰ” উন্মোচন।
অসমৰ আগশাৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান “বাসনা সাহিত্য গোষ্ঠী”ৰ উদ্যোগত অলপতে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত কবি,লেখিকা তথা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী গিৰিজা মেধিৰ “জীৱনৰ এৰি অহা দিনবোৰ” নামৰ এখন কাব্য সংকলন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক – সমালোচক ৰত্নেশ্বৰ বসুমতাৰীয়ে(Guwahati Press Club)।
ভাষণ প্ৰসংগত বসুমতাৰীয়ে গিৰিজা মেধিক এগৰাকী বাস্তৱবাদী কবি বুলি অভিহিত কৰি সুদীৰ্ঘকাল ধৰি কাব্য চৰ্চা কৰি অহাৰ বাবে শলাগ লয়।
তৰুণ প্ৰজন্মৰ বাবেতেওঁ আদৰ্শ বুলি কৈ যুৱ প্ৰজন্মক মোৱাইলত ব্যস্ত থকাৰ সলনি গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনায়। বাসনা সাহিত্য গোষ্ঠীৰ সভানেত্ৰী তথা কবি কিৰণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত জ্যেষ্ঠ সাংবাদিক দীপক চক্ৰৱৰ্তী, মুনমী দত্ত, সাহিত্যিক ৰণজনা তালুকদাৰ বৰা, দেৱী প্ৰসাদ অধিকাৰী, ৰুণু দেৱী শৰ্মা আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে ভাষণ ৰাখে। অনুষ্ঠানটোৰ আঁত ধৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নিপজ্যোতি মেধিয়ে। অনুষ্ঠানটোত বিভিন্ন জিলাৰ সাহিত্যিক, সাংবাদিক উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | North Guwahati : ৰাজ্যৰ BOXING খেলুৱৈ সকলৰ বাবে ভাল খবৰ