Local, Vocal, Global

WATCH | Unique Wedding : দুজোপা গছৰ মাজত সম্পন্ন হ’ল এখন বিবাহ

মুছলপুৰ,১৩মে’ : বাক্সাৰ মুছলপুৰত এখন ব্যতিক্ৰমী বিয়া । দুজোপা গছৰ মাজত সম্পন্ন হ’ল এখন বিবাহ। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে শ শ ৰাইজে বিবাহ সম্পন্ন কৰালে এজোপা ব’ট গছ আৰু এজোপা আহত গছৰ মাজত। দৰা-কইনাক আশীৰ্বাদ দিবলৈ বিবাহস্থলীত শ শ ৰাইজ।

সম্পূৰ্ণ ধৰ্মীয় ৰীতি-পৰম্পৰা তথা বৈদিক নীতিৰে সম্পন্ন হৈছে বিবাহকাৰ্য্য ।

বাক্সাৰ মুছলপুৰৰ সমীপৱৰ্তী লক্ষ্মীপুৰ এ-ব্লকৰ যৌৱনপ্ৰাপ্ত দুজোপা গছে আজিৰে পৰা লাভ কৰিলে দাম্পত্য জীৱন।

দৰা-কইনাক আশীৰ্বাদ দিবলৈ বিবাহস্থলীত উপস্থিত বিভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ সহস্ৰাধিক লোক(Unique Wedding)।

বেণ্ড পাৰ্টী, আয়তীৰ উৰুলিৰে উদুলি-মুদুলি বিবাহস্থলী ।

পানী তোলাৰে পৰা আৰম্ভ কৰি একো বাকী নাই উক্ত বিবাহ অনুষ্ঠানটোত ।

বিভিন্ন ব্যঞ্জনেৰে ভোজনস্থলীত আপ্যায়ন কৰা হৈছে নিমন্ত্ৰিত অতিথিসকলক ।

স্বাভাৱিকতে মুছলপুৰৰ সমীপৱৰ্তী লক্ষ্মীপুৰ এ-ব্লকৰ এই বিবাহ অনুষ্ঠানটোৱে এক বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ ধলাইবিলত শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ মুল তোৰন উন্মোচনী অনুষ্ঠান সম্পন্ন