WATCH | Lumding News : লামডিঙত নিশা উত্তেজনা
লামডিং,১৩মে’ : লামডিঙত নিশা উত্তেজনা। লামডিঙৰ গংগা পথত সংঘটিত হৈছে ভয়ানক ঘটনা ৷ ৰাইজৰ ৰোষত পিতা পুত্ৰ ৷
পিতা পুত্ৰৰ বিৰুদ্ধে এগৰাকী কিশোৰীক বিগত চাৰিদিন ধৰি অসৎ উদ্দেশ্যৰে অপহৰণ কৰি নিজৰ ঘৰত লুকোৱাই ৰখাৰ অভিযোগ ৷
জানিব পৰা মতে, গংগা পথৰ নিৱাসী ৰন্ধিৰ গুপ্তা আৰু পুত্ৰ বিশাল গুপ্তাই সেই অঞ্চলৰেই এগৰাকী কিশোৰীক নিজ ভগ্নী সৈতে মিলি চাৰিদিন পূৰ্বে কিশোৰী গৰাকী ঘৰলৈ উভটাৰ সময়তে অপহৰণ কৰে ৷ অপহৰণ কৰি পিতা পুত্ৰই কিশোৰী গৰাকীক হাত ভৰি বান্ধি নিজ ঘৰৰ বিচনাৰ তলত সুমুৱাই থোৱাৰ গুৰুত্বৰ অভি়যোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা ভুক্তভোগী কিশোৰীগৰাকীয়ে(Lumding News)৷
যোৱা নিশা স্থানীয় ৰাইজে কিশোৰী গৰাকী ৰন্ধিৰ গুপ্তাৰ ঘৰত থকা বুলি জানিব পাৰি ঘৰত বিচৰাত কিশোৰী গৰাকীক হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰাৰ লগতে ৰন্ধিৰ গুপ্তা আৰু বিশাল গুপ্তাক পোনতে,উত্তম মাধ্যম সোধাই বান্ধি থৈ আৰু পৰৱৰ্তী সময়ত আৰক্ষীক গটায় দিয়ে ৷ কি উদ্দেশ্যৰে পিতা পুত্ৰই কিশোৰী গৰাকীক অপহৰণ কৰিছিল? প্ৰেমৰ সম্বন্ধ নে পাৰিৱাৰীক কন্দলৰ বলি হ’ব লগা হ’ল কিশোৰী গৰাকী সেয়া সকলো আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব৷