WATCH | Jamugurihat News :জামুগুৰিহাটত নদুৱাৰ নাথ যোগী সন্মিলনীৰ শতবৰ্ষ অনুষ্ঠানৰ শুভাৰাম্ভ
জামুগুৰিহাট,১২,মে’ : জামুগুৰিহাটৰ খাদৈ চুক গাওঁত নদুৱাৰ আঞ্চলিক যোগী সন্মিলনীৰ শতবৰ্ষ অনুষ্ঠানৰ আজি শুভাৰম্ভ কৰা হয় ৷ এই উদ্দেশ্যৰে আজি পুৱা পানীতোলা কাৰ্যসুচীৰে শতবৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়(Jamugurihat News) ৷
পূৱা সহস্ৰাধিক মহিলাই কলহত পানী ভৰাই প্ৰায় দুইকিলোমিটাৰ পথ ভক্তি গীত পৰিৱেশন কৰি এই পানীতোলা কাৰ্যসূচী সম্পন্ন কৰাৰ পাচতেই শতবৰ্ষ অনুষ্ঠানৰ পতাকা উত্তোলন কৰা হয় ৷ পতাকা উত্তোলন কৰে নদুৱাৰ আঞ্চলিক নাথ যোগী সন্মিলনী শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷
পতাকা উত্তোলনৰ পাচতেই খাদৈচুক নামঘৰত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত এখনি অভিনন্দন অনুষ্ঠানৰো আয়োজন কৰা হয় ৷ অহা কালিলৈ শতবৰ্ষ শুভাৰম্ভ অনুষ্ঠানৰ সামৰণি পৰাৰ লগতে দেশৰ যুদ্ধৰ বিভিষিকাময় পৰিৱেশলৈ লক্ষ্যৰাখি শতবৰ্ষ শুভাৰাম্ভনীৰ সকলো কাৰ্যসুচী বাতিল কৰা বুলিও উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : WATCH | Teok News : পশ্চিম টীয়ক আঞ্চলিক পঞ্চায়তৰ সদস্য দিগন্ত হাজৰিকাৰ জয়লাভ