Local, Vocal, Global

WATCH | Panchayat Election Result : জাগীৰোড বিধানসভা সমষ্টিৰ ১ নং মায়ং জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ

জাগীৰোড,১২মে’ : জাগীৰোড বিধানসভা সমষ্টিৰ ১ নং মায়ং জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ।

জাগীৰোড বিধানসভা সমষ্টিৰ ১নং মায়ং জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী প্ৰনিতা কলিতা ডেকাৰ জয়লাভ ৷ মুঠ ৩১৮০৬ টা ভোট লাভ কৰি প্ৰায় ১৪ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হয় প্ৰাৰ্থী গৰাকী(Panchayat Election Result)৷

জয়ৰ পিছতে উৎফুল্লিত প্ৰাৰ্থী প্ৰনিতা কলিতা ডেকাৰ লগতে সমৰ্থকসকল ৷ সোমবাৰে পুৱাহে ভোট গণনা সম্পন্ন হয় মায়ং জিলা পৰিষদৰ ৷ আগন্তুক দিনত ৰাইজৰ অভাৱ অভিযোগ সমাধান কৰাত গুৰুত্ব আৰোপ কৰিব বুলি মন্তব্য কৰে প্ৰাৰ্থী গৰাকীয়ে ৷ আনহাতে এই জয়ৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাক ধন্যবাদ জনায় বিজয়ী প্ৰাৰ্থী প্ৰনতি কলিতা ডেকাই ৷

লগতে পঢ়ক : WATCH | Buddha Purnima: আজি বুদ্ধ পূৰ্ণিমা ! বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক গৌতম বুদ্ধৰ জন্ম জয়ন্তী