WATCH | Hatsingimari News : মানকাচৰৰ চাৰিখন জিলা পৰিষদৰ ফলাফল
হাটশিঙিমাৰী,১২মে’ : মানকাচৰৰ ১ নং কাকৰিপাৰা জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী তানজিনা খান ১৪০৭ ভোটত আগবাঢ়ি আছে।
প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ পত্নী হাচিনা ইছলাম পৰাস্ত হোৱাৰ পথত।
হাচিনা একেৰাহে দুবাৰকৈ জিলা পৰিষদৰ পৰা নিৰ্বাচিত হৈছিল।
এতিয়ালৈ ৩ খন গাঁও পঞ্চায়তত ভোট গণনা কৰা হৈছে এতিয়াও বাকী আছে আন ৪ খন পঞ্চায়তৰ ভোট গণনা।
ইফালে ২ নং কালাপানীত কংগ্ৰেছ প্ৰাৰ্থী নুৰ ইয়াছমিন শেখ ৩৮৮৮ ভোটত আগবাঢ়ি আছে(Hatsingimari News)।
বিধায়ক আমিনুল ইছলামৰ পত্নী মেৰিনা খান পৰাস্ত হোৱাৰ পথত।
মেৰিনা খান যোৱা ৫ বছৰৰ জিলা পৰিষদৰ সভানেত্ৰী আছিল।
৩ নং ফেকামাৰী জিলা পৰিষদত নিৰ্দলীয় প্ৰাৰ্থী ওৱাহিদৰ ৰহমান আডো ১৬৮১ ভোটত আগবাঢ়ি আছে।
প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ পুত্ৰৰ পত্নী ফেকামৰী জিলা পৰিষদত পিছ পৰি আছে।
আনহাতে ৩ নং দক্ষিণ শালমাৰা জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী মিৰ্জিনা খাতুন ৩৬৮২ ভোটত আগবাঢ়ি আছে।
মানকাচৰৰ ৪ খন জিলা পৰিষদৰ ভিতৰত ৩ খনত কংগ্ৰেছ আগবাঢ়ি আছে।
আৰু এখনত নিৰ্দলীয় প্ৰাৰ্থী আগবাঢ়ি আছে।
নিৰ্দলীয় প্ৰাৰ্থী ওৱাহিদুৰ ৰহমান মানকাচৰ জিলা AIUDF ৰ সাধাৰণ সম্পাদক।
প্ৰাৰ্থী গৰাকী দলীয় টিকট অভিহনে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ তৌভঙাৰ তৰাজান গাঁৱত এদিনীয়া শ্ৰীমদ্ভাগৱত পুৰাণ