Local, Vocal, Global

WATCH | Panchayat Election Result : ধেমাজি জিলাৰ ১২ খন জিলা পৰিষদ, ৫ খন আঞ্চলিক পঞ্চায়ত আৰু ৬৫০ ৱাৰ্ড সদস্যৰ বাবে ৭২৭ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটগণনা অব্যাহত

ধেমাজি,১১মে’ : ধেমাজি জিলাৰ ১২ খন জিলা পৰিষদ, ৫ খন আঞ্চলিক পঞ্চায়ত আৰু ৬৫০ ৱাৰ্ড সদস্যৰ বাবে ৭২৭ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটগণনা অব্যাহত।

ধেমাজি বিধানসভা আৰু চিচিবৰগাওঁ বিধানসভা সমষ্টিৰ ৮ টা জিলা পৰিষদৰ ভোটগণনা ধেমাজি মহাবিদ্যালয়ত আৰু জোনাই বিধানসভাৰ ৪ টা জিলা পৰিষদৰ ভোটগণনা জোনাইত অনুষ্ঠিত হৈছে9Panchayat Election Result)।

উল্লেখ্য যে ধেমাজিত মুঠ ৫ খন আঞ্চলিক পঞ্চায়তৰ বিপৰীতে প্ৰাৰ্থীৰ সংখ্যা ১৫৫। জিলা পৰিষদৰ ১২ খন আসনৰ বিপৰীতে প্ৰাৰ্থী সংখ্যা ৩৪। গাওঁ পঞ্চায়তৰ সদস্যৰ বাবে প্ৰাৰ্থী সংখ্যা ১৬১৯। বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱা ৱাৰ্ড মেম্বাৰ ৩৯ গৰাকী আৰু আঞ্চলিক পঞ্চায়তৰ ৩ গৰাকী। ধেমাজিত অনুষ্ঠিত হৈ থকা ভোটগণনা মুঠ ৭ টা ৰাউণ্ডত ১০ খন টেবুলত অনুষ্ঠিত হ’ব। প্ৰতিটো ৰাউণ্ডত অতিকমেও ৩ ঘন্টা নিৰ্ধাৰণ কৰা হৈছে।

লগতে পঢ়ক : WATCH | Panchayat Election Result : দেৰগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য বিজেপি প্ৰাৰ্থী ৰূপালী বাউৰীৰ জয়