Local, Vocal, Global

WATCH | Darrang News : দৰং জিলাটো পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু জিলা প্ৰশাসন

দৰং,১১মে’ : দৰং জিলাটো পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু জিলা প্ৰশাসন । জিলাখনৰ মুঠ জিলা পৰিষদ হৈছে ১২ টা । ইয়াৰে দুজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বীতাৰে নিৰ্বাচিত হৈছে।

উক্ত জিলা পৰিষদৰ মুঠ প্ৰাৰ্থী হৈছে ২৯ গৰাকী । আনহাতে মুঠ আঞ্চলিক পঞ্চায়ত ৫ টাৰ বাবে মুঠ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী হৈছে ১৬৫ গৰাকী । সেইদৰে মুঠ গাঁও পঞ্চায়ত হৈছে ৭৫ টা ইয়াৰে মুঠ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী হৈছে ১৯১২ গৰাকী । দৰং জিলাৰ মুঠ ভোটগ্ৰহন কেন্দ্ৰ হৈছে ৮১৩ টা(Darrang News)।

ইয়াৰে বিনাপ্ৰতিদন্দীতাৰে ১১২ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছে । জিলা খনৰ তিনি স্থানত হ’ব এইবাৰৰ ভোট গগনা ।

জিলাখনৰ মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত সমূহৰ বাবে মঙলদৈ মহাবিদ্যালয়ৰ ভোট গগনা হ ‘ব । সেইদৰে ছিপাঝাৰৰ সমষ্টিৰ বাবে ছিপাঝাৰ মহাবিদ্যালয় আৰু দলগাওৰ বাবে দলগাঁও শিক্ষন প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ভোট গণনা অনুস্থিত হ’ব । পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হৈছে ৷

লগতে পঢ়ক : Watch | Assam panchayat polls : আজি পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা