Local, Vocal, Global

WATCH | Heavy Storm : টীয়কৰ বিভিন্ন ঠাইত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ

টীয়ক,৮মে’ : বুধবাৰে নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে টীয়ক ৰজাবাৰী নামচুক পুখুৰীপৰীয়া অঞ্চল। ওভালি পৰে প্ৰকাণ্ড গছ ফলত অঞ্চলটোত থকা একমাত্ৰ প্ৰাথমিক বিদ্যালয় পুখুৰীপৰীয়া প্ৰাথমিক বিদ্যালয় যথেষ্ট ক্ষতি সাধন হয়। যাৰ ফলত আজি বিদ্যালয়খনত পাঠদান কৰাৰ পৰা বিৰত থাকিব লগীয়া হয়(Heavy Storm)।

ইপিনে বিদ্যালয়ৰ সমীপতে এটা পকী ঘৰৰ মুধচত গছ পৰি ঘৰৰ পকী দেৱাল পৰ্যন্ত ভাঙি পৰে আৰু গৃহস্থ কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। কেইবাটাও ঘৰৰ টিনপাত উৰুৱাই নি ঘৰুৱা আচবাব,কিতাপ পত্ৰ আদি নষ্ট কৰি পেলাই ধুমুহাজাকে। বহুজনৰ বাৰীৰ গছ ভাঙি ৰজাবাৰী মুদৈজান সংযোগী পথ বন্ধ হোৱাৰ লগতে সমগ্ৰ অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।

সেয়ে ধুমুহাৰ ফলত বিদ্যালয়খনৰ লগতে অঞ্চলটোত বিস্তৰ ক্ষতি সাধন হোৱা পৰিয়ালসমূহৰ প্ৰতি চৰকাৰক চকু দিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে আৰু গাঁওখনৰ যুৱকসকলেও পুৱাৰে পৰা ক্ষতিগ্ৰস্ত সকলক যি যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক : WATCH | Bilasipara News : বিলাসীপাৰাৰ ডুবাচুৰীত নিৰ্বাচন কেন্দ্ৰিক সংঘাত