Local, Vocal, Global

WATCH | Moran News : মৰাণত ভোট দিবলৈ গৈ পথ দুৰ্ঘটনাত আহত হোৱা ২৯ জনকৈ লোকৰ চিকিৎসাত অৱহেলাৰ অভিযোগত প্ৰতিবাদ ৰাইজৰ

মৰাণ,৭মে’: মৰাণৰ ৰচিপথাৰত যোৱা ২ মে’ তাৰিখে ভোটদান সাব্যস্ত উভতাৰ পথত দুৰ্ঘটনাত পতিত হৈ মৰাণ টিখৰাইৰ ২৯ জনকৈ লোক আহত হৈছিল । ইয়াৰে গুৰুতৰভাৱে আহত হোৱা ১১ জন লোকক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত, ৬ গৰাকীক মৰাণ-তিলৈ সামূহিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসা প্ৰদান কৰাৰ লগতে বাসীসকলক প্ৰাথমিক চিকিৎসায় লৈ প্ৰেৰণ কৰা হৈছিল(Moran News) ৷

বৰ্তমানেও AMCH ত চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আহত চাৰিজনকৈ লোক । এই আহত লোক সকলক চৰকাৰে উন্নত চিকিৎসা ব্যৱস্থা কৰি নিদিয়াত ক্ষোভিত হৈ পৰিছে আহতসকলৰ লগতে টিখৰাইৰ স্থানীয় ৰাইজ ।

আজি আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত টিখৰাইৰ ৰাইজ দলে-বলে ওলাই আহি আহত সকলৰ উন্নত চিকিৎসাৰ লগতে এককালীন সাহাৰ্যৰ প্ৰদানৰ দাবীৰে টিখৰাইত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

উল্লেখযোগ্য যে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা বহু সংখ্যক লোক দিন হাজিৰা কৰি খোৱা লোক । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উক্ত দিনা ভোটগ্ৰহন কেন্দ্ৰলৈ যাবলৈ দুৰ্ঘটনাগ্ৰস্ত টাটা AC গাড়ীখনৰ ব্যৱস্থা কৰি দিছিল বিজেপি দলৰ লোকে ৷ কিন্তু ইমান ডাঙৰ দুৰ্ঘটনা হৈ যোৱাৰ পাছতো খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে আহতসকলৰ কোনো খৱৰ নোলোৱাৰ অভিযোগ কৰিছে আছাই । এই ঘটনাৰত ক্ষুদ্ধ আছাৰ নেতৃত্বই দুৰ্ঘটনাত আহত হৈ পংগুত হোৱা সকলক শীঘ্ৰে এককালীন সাহাৰ্য প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : WATCH | Akhil Gogoi : পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত ভাৰতৰ আক্ৰমণক পূৰ্ণ সমৰ্থন জনাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈই