Local, Vocal, Global

WATCH | Panchayat Election : অভয়াপুৰীত ১০৫ বছৰীয়া আইতাই সাব্যস্ত কৰিলে ভোটাধিকাৰ

অভয়াপুৰী,৭মে’ : বঙাইগাঁও জিলাৰ অভয়াপুৰীত ১০৫ বছৰীয়া আইতাই সাব্যস্ত কৰিলে ভোটাধিকাৰ। হাতত লাখুটি লৈ আহিল আইতা ।

১৩ খন জিলাৰ লগতে বঙাইগাঁও জিলাটো আজি ২ য় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহন চলি আছে(Panchayat Election)। অভয়াপুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত নতুন দেওহাটী প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে ১০৫ বছৰীয়া আইতা হৰিপ্ৰিয়া বৰুৱাই। আজি নাতিনী সৈতে ভোট কেন্দ্ৰলৈ আহে আইতা।

লগতে পঢ়ক : WATCH | Panchayat Election : অভয়াপুৰীত চলি আছে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ