Local, Vocal, Global

WATCH | Dhemaji News : ধেমাজি জিলাৰ বৰদলনি ৰে’ল ষ্টেচনৰ চৌহদৰ পৰাই বাইক চুৰি

ধেমাজি,৬মে’ : ধেমাজি জিলাৰ বৰদলনি ৰে’ল ষ্টেচনৰ চৌহদৰ পৰাই বাইক চুৰি ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলটোত।

ঘটনাৰ বিৱৰণী মতে,মঙলবাৰে পুৱা গুৱাহাটী-মুৰ্কংচেলেক ইন্টাৰচিটি ৰেলত বৰদলনি ষ্টেচনৰ পৰা জোনাইলৈ বুলি গৈছিল যাত্ৰী। ৰে’লত যোৱাৰ সময়ত বৰদলনি ৰেল ষ্টেচনত থৈ যোৱা হৈছিল কলা চুপাৰ স্পেল্ডাৰ বাইকখন(Dhemaji News)।

তাৰ পিছতে গন্ধব্য স্থানৰ পৰা দুপৰীয়া আহি নিদিষ্ট স্থানত থৈ যোৱা বাইখন নাপায় হাহাকাৰ কৰে বাইক মালিকে। বাইক খন আছিল বৰবাম দিহিঙীয়া গাঁৱৰ বিকাশ শ‌ইকীয়াৰ। এই সন্দৰ্ভত ৰে’ল কৰ্তৃপক্ষক অৱগত কৰাৰ‌ লগতে বিকাশ ‌শ‌ইকীয়াই কাষৰ বৰদলনি আৰক্ষী চকীত এখন‌ এজাহাৰ দাখিল কৰিছে। বাইক খনৰ নম্বৰ হৈছে AS-07M-4080 কলা ৰঙৰ SUPER SPLENDER। উল্লেখ্য যে , ৰে’ল ষ্টেচনৰ পৰা এনেদৰে এখন বাইক চুৰি কাণ্ডত শংকিত ৰে’ল যাত্ৰীক।

লগতে পঢ়ক : WATCH | Barpeta News : বহৰি গাঁও পঞ্চায়তৰ দিপালী বৰ্মন মালোদাসৰ বিৰুদ্ধে উঠিছে নির্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ