WATCH | Mushalpur News : মুছলপুৰৰ সমীপৱৰ্তী ভেহবাৰীত ৰাইজৰ সৈতে আলোচনা বিপিএফৰ কেন্দ্ৰীয় নেতা আগষ্টুচ তিগ্গাৰ
মুছলপুৰ,৬মে’ : পঞ্চায়ত নিৰ্বাচনৰ সমান্তৰালভাৱে বিটিচিত আৰম্ভ হৈছে পৰিষদীয় নিৰ্বাচনৰ বাবে কুচ-কাৱাজ । ১৭ বছৰে বিটিচি শাসন কৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফেও পিছপৰি থকা নাই ।
চুবুৰীয়ে চুবুৰীয়ে বিপিএফৰ নেতা সকলে সোমাই ৰাইজৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হৈছে । আজি বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী ভেহবাৰীত ৰাইজৰ সৈতে আলোচনাত বহে বিপিএফৰ কেন্দ্ৰীয় নেতা আগষ্টুচ তিগ্গা । তেওঁ ইতিমধ্যে দিহিৰা পৰিষদীয় সমষ্টিৰ পৰা বিপিএফ দলৰ একমাত্ৰ সম্ভাৱ্য প্ৰাৰ্থী বুলি ঠিৰাং হৈছে(Mushalpur News)।
ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁক ৰাইজে আকোঁৱালি লোৱা বুলি মন্তব্য কৰে আগষ্টুচ তিগ্গাই । ইফালে হাগ্ৰামা মহিলাৰীক ইউপিপিএলৰ মুখপাত্ৰ ৰাকেশ ব্ৰহ্মই টাইগাৰ বুলি কটাক্ষ কৰি চিৰিয়াখানাত থাকিব লাগে বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি কয় যে, হাগ্ৰামা মহিলাৰী সঁচাকৈয়ে টাইগাৰ। হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ উন্নয়নৰ যাত্ৰাৰ বাবে টাইগাৰ । আজিৰ মত বিনিময় অনুষ্ঠানত কেবাগৰাকীও বিপিএফ নেতা উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Woman goes missing : গোৰেশ্বৰৰ কলবাৰীত নিৰুদ্দেশ এগৰাকী মহিলা