WATCH | Panchayat Election: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যিক নির্বাচন আয়োগে
গোৱালপাৰা,৬মে’: ৭ মে’ত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। কাইলৈ অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে ।
নিৰ্বাচনৰ বাবে নিয়োজিত পোলিং আৰু প্ৰিজাইডিং বিষয়া সকলে বেলট বাকচ,বেলট পেপাৰ আদি লৈ আজি ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। ভোট গ্ৰহণ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ কাৰণে ৯৫৫ টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হব । ইয়াৰে ৩০ টা ভোট গ্ৰহণ কেন্দ্ৰ কেবল মহিলা বিষয়া কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব। ভোট গ্ৰহণ প্ৰক্ৰিয়াত ৪ হাজাৰ ৫ শ বিষয়া কৰ্মচাৰী নিয়োজিত কৰা হৈছে(Panchayat Election)।
উল্লেখ যোগ্য যে জিলাখনত ১৬ টা জিলা পৰিষদ সমষ্টি আছে যদিও ইয়াৰে দুটাত বিনা প্ৰতিদ্বন্দিতাৰে প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ বাবে বাকী ১৪ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হব । ১৪ টাৰ বিপৰীতে ৪৯ জন প্ৰাৰ্থীৰ আছে । আঞ্চলিক পঞ্চায়ত সদস্য পদ ৮১ টাৰ ভিতৰত ১৭ টাত বিনা প্ৰতিদ্বন্দিতাৰে প্ৰাৰ্থী নিৰ্বাচিত হৈছে । বাকী ৬৪ টা পদৰ বিপৰীতে ১৮৪ গৰাকী প্ৰাৰ্থীৰ আছে । এইবেলি পঞ্চায়ত নিৰ্বাচনত জিলাখনৰ ৭,২৬,২১২ ভোটাৰে ভোটদান কৰিবলৈ সুযোগ লাভ কৰিব।
লগতে পঢ়ক : WATCH | Panchayat Election : পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু প্ৰিজাইডিং,পোলিং বিষয়াসকল