Local, Vocal, Global

WATCH | Heated situation : নামতোলাত ক্ৰমাৎ স্বাভাৱিক হৈছে পৰিস্থিতি

সোণাৰি,৬মে’ : নামতোলাত ক্ৰমাৎ স্বাভাৱিক হৈছে পৰিস্থিতি। নামতোলা ব্যৱসায়ী সকলে বন্ধ ৰাখিছে দোকান।

উল্লেখ্য যে, চৰাইদেউৰ অসম নগালেণ্ডৰ সীমান্তত সোমবাৰে নিশা সৃষ্টি হৈছিল এক উত্তেজনাময় পৰিস্থিতিৰ। নগাই শিলগুটি নিক্ষেপ কৰি অসমৰ ব্যৱসায়ীৰ ওপৰত চলাইছিল আক্ৰমণ(Heated situation)।

নামতোলাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মুছলেক আলীৰ অহৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত চৰাইদেউ আৰক্ষীয়ে সোমবাৰে এটা নগা দুৰ্বৃত্ত আৰু এজন স্থানীয় যুৱকক আটক কৰাকলৈ নিশা নামতোলাত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়(Heated situation)।

ঘটনাৰ প্ৰতিবাদ জনাই সোমবাৰে নিশা নাগালেণ্ডৰ দিশৰ পৰা অসমলৈ অহা সকলো যানবাহন সীমান্তত আবদ্ধ কৰি নগা লোক সকলে অসমৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহক লক্ষ্য কৰি শিলগুটি দলিয়াই আক্ৰমণ কৰে। নিশা চৰাইদেই জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া সকল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়।

লগতে পঢ়ক : WATCH | Heated situation : চৰাইদেউৰ অসম নগালেণ্ডৰ সীমান্তত নিশা উত্তেজনাময় পৰিস্থিতি