Local, Vocal, Global

WATCH | Gelakey News : পুত্ৰৰ বিৱাহৰ দিনাই পিতৃৰ কৰুণ মৃত্যু;গড়গাঁৱত ভকত থৈ ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত মৃত্যু পিতৃৰ

গেলেকী,৫মে’ : এক মৰ্মান্তিক ঘটনা। পুত্ৰৰ বিয়াৰ দিনাই মৃত্যু হ’ল পিতৃৰ। পুত্ৰৰ বিয়া সমাপন কৰি অতিথী থ’বলৈ যাওতেই প্রাণ হেৰুৱালে পিতৃয়ে। পিতৃৰ লগতে প্রাণ হেৰুৱালে আন এগৰাকী লোকেও। এই শোকাৱহ দুর্ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ নাজিৰাত। গেলেকীৰ নামদতীয়া গাঁৱৰ যতীন শইকীয়া আনজন ন-কচাবীৰ পূর্ণ তামুলী(Gelakey News )।

যতীন শইকীয়া নামৰ লোকগৰাকীৰ পুত্ৰৰ বিয়া আছিল ৪ মে’ৰ দেওবাৰৰ দিনটোত। মাজৰাতি ভকতীয়া বিয়া সম্পন্ন কৰি দৰাৰ পিতৃয়ে অন্য ভকতসকলক ঘৰলৈ বুলি থবলৈ গৈছিল। কিন্তু ভাগ্যত যেন লিখি থোৱা আছিল অন্যহে।

কইনা আনি ঘৰ সোমোৱাৰ পিছতে ভকতক থবলৈ গড়গাঁৱলৈ গৈছিল যতীন শইকীয়া। লগত আছিল পূর্ণ তামুলী। ভকতক থৈ উভতি অহাৰ পথত পুৱা ৪ মান বজাত মেজেঙ্গাৰ হুদুপাৰত দুৰ্ঘটনাত পতিত হয়।

যাৰ ফলত নিয়ন্ত্রণ হেৰুৱাই বাটৰ কাষৰ প্ৰচণ্ড এজোপা গছত খুন্দা মাৰে এখন EON বাহনখনে আৰু ঘটনাস্থলীতে প্রাণ হেৰুৱায় দুয়োগৰাকীয়ে।

বর্তমান দুয়োগৰাকী লোকৰে মৃতদেহ উদ্ধাৰ কৰি প্ৰথমে নাজিৰা মহকুমা অসামৰিক চিকিৎসালয় তাৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰিছে। এতিয়া গাৰ পৰা মা-হালধীৰ গোন্ধ নাযাওতেই দৰাই কৰিব লাগিব পিতৃৰ মুখাগ্নি কৰিব লাগিব পিতৃৰ দহা-কার্য। এই ঘটনাই পৰিয়ালৰ লগতে সমগ্র অঞ্চলটোতেই শোকৰ বন্যা বোৱাইছে।

লগতে পঢ়ক : WATCH | Hajo News : হাজোত নিৰ্বাচনী ৰেলীত হিংসাত্মক ঘটনাক লৈ সংবাদমেল TMC নেতা দুলু আহমেদৰ