Local, Vocal, Global

WATCH | Husband Killed His Wife : লোমহৰ্ষক হত্যাকাণ্ড! লাঠিৰে মৰিয়াই মৰিয়াই হত্যা পত্নীক

মৰাণ,৫মে’ : চৰাইদেউ জিলাৰ মৰাণৰ ৰাঙলীত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ ৰাঙলীৰ চকলীয়া নিবাসী গিয়াচুদ্দিন আহমেদৰ চাহ বাগিচাত কৰ্মৰত জোনালী মোডী নামৰ চল্লিশ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হয় বাগিচাখনৰে এটা নলাত ৷ জোনালীয়ে স্বামী প্ৰকাশ চেত্ৰী (৪৫)-ৰ সৈতে গিয়াচুদ্দিন আহমেদৰ বাগিচাত কাম কৰাৰ লগতে বাগিচাৰ লগতে থকা এটা বাসগৃহত বসবাস কৰিছিল(Husband Killed His Wife) ৷

পতি-পত্নী দুয়োৰে মাজত প্ৰায়ে কাজিয়া হৈ থকা বুলি স্থানীয় লোকে জানিবলৈ দিছে ৷ যোৱা নিশাও দুয়োৰে মাজত কাজিয়া হোৱাৰ পৰিণতিতে প্ৰকাশ চেত্ৰীয়ে পত্নী জোনালীক এডাল বাঁহৰ লাঠিৰে মৰিয়াই হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷

হিংৰিজান চাহ বাগিচাৰ তিনিচুকীয়া বামলাইনৰ খেৰবাৰী নিবাসী প্ৰকাশ চেত্ৰী সম্প্ৰতি পলাতক হৈ আছে ৷ মৰাণহাট আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷