Local, Vocal, Global

WATCH | Election Violence : মঙলদৈত নিৰ্বাচনী হিংসা

মঙলদৈ,৫মে’ : মঙলদৈত নিৰ্বাচনী হিংসা। বিজেপিৰ প্ৰাৰ্থীক আক্ৰমণ দুৰ্বৃত্তৰ।

১ নং টেঙাবাৰী গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ বিজেপিৰ প্ৰাৰ্থী জয়ন্ত কুমাৰ শৰ্মা বাহনত দুৰ্বৃত্তৰ আক্ৰমণ(Election Violence)। নিশা নিৰ্বাচনী প্ৰচাৰ চলাই ঘৰলৈ আহি থাকোঁতে বেছিমাৰী গাওঁত দুৰ্বৃত্তই বাহনত আক্ৰমণ কৰে । বাহন খনত দাৰে ঘপিয়াই আৰু প্ৰাৰ্থী জয়ন্ত শৰ্মাক প্ৰানে মৰাৰ চেষ্টা কৰে। কোনো লোক আঘাত প্ৰাপ্ত হোৱা নাই যদিও আতংকিত হৈ আছে অঞ্চল।

এই ঘটনাক লৈ সচেতন মহলে আৰক্ষীক তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় আৰু স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তা কটকটীয়া কৰিবলৈ দাবী জনায়।

লগতে পঢ়ক : WATCH | Road Accident : বাইক আৰু চাৰিচকীয়াৰ মাজত মুখামুখি সংঘৰ্ষ;আহত এজন