Local, Vocal, Global

WATCH | Teok News : আই পি এল জুৱাৰ ভুৱা বাতৰি পৰিৱেশনক লৈ দিহা চাহ বাগিচাত ব্যাপক প্ৰতিক্ৰিয়া

টীয়ক,৫মে’ : লাহদৈগড় আৰক্ষী চকী অন্তৰ্গত দিহা চাহ বাগিচা লাইনৰ ধৰম তাঁতী নামৰ এগৰাকী শিল্পীৰ নাম আই পি এল জুৱাৰী বুলি ভুৱা কৈ এখন বাতৰি কাকতত প্ৰকাশ পোৱা লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে(Teok News)।

শিল্পী গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি “দিহা লাইনৰ ধৰম বুলি মোৰ বাদে কোনো ব্যক্তি নাই। যিহেতু মই এগৰাকী শিল্পী অসমৰ সংগীত জগতত মোৰ এশৰো অধিক নিজে লিখা গীত ৰাইজৰ মাজত প্ৰচলিত। মোক এনেদৰে আই পি এল জুৱাৰ লগত নাম সাঙুৰি লৈ এটা দুষ্ট চক্ৰ কিয় এনে হেয় কাম কৰিছে বুজি পোৱা নাই। মোৰ বিৰুদ্ধে এনে অপ প্ৰচাৰ চলাই জনমানসত হেয় প্ৰতিপন্ন কৰা ব্যক্তি সকলক শীঘ্ৰে আইনী ব্যৱস্থা ল’বলৈ বাধ্য হ’ম।”এই ঘটনাৰ সংক্ৰান্তত বাগিছা খনৰ দল সংগঠন সমূহে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

লগতে পঢ়ক: WATCH | Doom Dooma News : ডুমডুমাৰ চাহ বাগিচাৰ শৈক্ষিক পৰিৱেশ পৰিৱৰ্তনৰ দিশে