WATCH | Sonari News : সোণাৰিত ছাত্ৰ সন্থাৰ বিহু সন্মিলনৰ শুভাৰম্ভ
সোণাৰি,৪মে’ : চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন আয়োজন কৰা ৰঙালী বিহু সন্মিলন আজিৰ পৰা আৰম্ভ হৈছে।
সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা সন্মিলনৰ কাৰ্যসূচী পুৱা পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয়। চৰাইদেউ জিলা ছাত্ৰ সংস্থাৰ সভাপতি দিপাংকৰ চাহুৱে ছাত্ৰ সংস্থাৰ পতাকা উত্তোলন কৰাৰ লগতে উদযাপন সমিতিৰ পতাকা সভাপতি মণি গগৈয়ে উত্তোলন কৰাৰ সমান্তৰালে সোণাৰিৰ আন ১৭ জন বিশিষ্ট ব্যক্তিয়ে মুঠ ১৯ খন পতাকা উত্তোলন কৰে(Sonari News)।
ইয়াৰ পিছত অনুষ্ঠিত হোৱা শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মৃন্ময় বৰায়। ইয়াৰ পিছত ক্ৰমে পৰম্পৰাগত কণীযুজঁ প্ৰতিযোগিতা, বিহুৱান আৰু অসমীয়া পিঠা-পনা প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়।
লগতে পঢ়ক : WATCH | Sensational incident : নীতি আদৰ্শ মানি চলা বিজেপিৰ ঘৰতে ভয়ংকৰ কাজিয়া