Local, Vocal, Global

WATCH | Gelakey News : গেলেকীৰ ডি,এছ,এ কলনিত বিহু অনুষ্ঠান

গেলেকী,৪মে’ : তেল আৰু প্ৰাকৃতিক গেছ নিগম নাজিৰাৰ বসন্ত উৎসৱ লগত সংগতি ৰাখি গেলেকী DSA কলনিত বিশেষ বিহুৰ অনুষ্ঠানত অনুষ্ঠিত হয় ।

উল্লেখযোগ্য যে, সংস্কৃতিৰ জখলাৰে সমন্বয় সপোন গঢ়াৰ প্রয়াসেৰে অ’.এন.জি.চি. অসম সম্পদে ২০০৫ চনৰে পৰা বিভিন্ন লোক-কলা সাংস্কৃতিক কার্যসূচী ইত্যাদিৰে বসন্ত উৎসৱ আয়োজন কৰি আহিছে।

এই অনুষ্ঠানৰে অংশ স্বৰূপে তথা কৰ্ম-আঁচনি অনুসৰি W,M,T, গেলেকী তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সহযোগত যোৱা কালি সন্ধিয়া ৬ বজাৰ পৰা DSA গেলেকীত এটি বিশেষ বিহুৰ অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত বিশিষ্ট অতিথি , হুঁচৰি বিহুৰ আয়োজন কৰা হয়(Gelakey News) ।

বসন্ত উৎসৱ ২০২৫ সম্পাদক নিত্যা দত্ত‌ই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল তেল আৰু প্ৰাকৃতিক গেছ নিগম অসম সম্পদ নাজিৰাৰ সঞ্চালক প্ৰধান , গেলেকীৰ WMT ৰ বিষয়া ভবানন্দ বড়া আৰু অন্যান্য বিষয়ববীয়া, স্থানীয় দল সংগঠনৰ বিষয়ববীয়া , গেলেকী প্ৰেছ ক্লাৱৰ বিষয়ববীয়া , সমাজকৰ্মী,আৰু স্থানীয় ৰাইজ ।

অনুষ্ঠানটিত দৈখনা সোণালী সমাজ জেং বিহু দল , ১ নং লাহন গাঁৱ ক’লা কৃষ্টি বিকাশ কেন্দ্ৰৰ বিহু নৃত্য , গেলেকী বিৰাংগনা মহিলা সমিতিৰ জেং বিহু আৰু কলিয়াপানী নৈপৰীয়া হুঁচৰি প্ৰদৰ্শন কৰা হয়।

অনুষ্ঠানটিত আমন্ত্ৰিত সকলো বিশিষ্ট অতিথিক একোখনকৈ ফুলাম গামোচাৰে সন্মান জনোৱা হয়।

লগতে পঢ়ক : WATCH | Nalbari News : কালদি নৱজ্যোতি বিহু সমিতিৰ সৌজন্যত একাদশ বাৰ্ষিক বিহু সন্মিলনী আৰু আধুনিক নৃত্য প্ৰতিযোগিতা