Local, Vocal, Global

WATCH | Panchayat Election: ৭মে’ত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ;ছিপাঝাৰত কংগ্ৰেছ প্ৰাৰ্থীৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ

ছিপাঝাৰ,৪মে’ : ছিপাঝাৰত মিত্ৰজোঁটৰ সমান্তৰালভাৱে কংগ্ৰেছ প্ৰাৰ্থীয়েও ভোটাৰৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ। আহমদ আলীয়ে ৭ মে’ত তেওঁৰ পক্ষত ৰাইজে ভোট দান কৰিব  বুলি আশাবাদী 

দৰঙৰ ছিপাঝাৰত পঞ্চায়ত নিৰ্বাচনী বতাহ । ছিপাঝাৰৰ ঠায়ে ঠায়ে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ প্ৰাৰ্থী সকলে ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলাইছে। সমষ্টিটোত মিত্ৰজোঁটৰ সমান্তৰালকৈ বিৰোধী কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী সকলেও চলাইছে প্ৰচাৰ অভিযান।

ইয়াৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আহমদ আলীয়ে পঞ্চায়ত খনৰ  চৈধ্য খন গাঁৱৰ প্ৰাৰ এক হাজাৰ পৰিয়ালৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই অহা ৭ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত তেওঁৰ পক্ষতে ভোটাৰ ৰাইজে  ভোটদান কৰিব কৰিব বুলি আশাবাদী(Panchayat Election)।

লগতে পঢ়ক : WATCH | Ashraful Hussain :’বিজেপিৰ পৰা বৃহৎ পৰিমাণৰ টকা লৈ ডাঙৰ ডাঙৰ নিৰ্বাচনী প্ৰচাৰ সভা পাতিছে অখিল গগৈয়ে’