Local, Vocal, Global

WATCH | Ashraful Hussain :’বিজেপিৰ পৰা বৃহৎ পৰিমাণৰ টকা লৈ ডাঙৰ ডাঙৰ নিৰ্বাচনী প্ৰচাৰ সভা পাতিছে অখিল গগৈয়ে’

নগৰবেৰা,৪মে’ : বিজেপিৰ পৰা বৃহৎ পৰিমাণৰ টকা লৈ ডাঙৰ ডাঙৰ নিৰ্বাচনী প্ৰচাৰ সভা পাতিছে অখিল গগৈয়ে । বৃহৎ বৃহৎ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিবলৈ অখিল গগৈয়ে ইমান টকা ক’ত পাইছে সেই কথা ৰাজহুৱা কৰিবলৈ দাবী জনাইছে বিধায়ক আশ্ৰাফুল হুছেইনে।

ইপিনে আসন্ন পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে বিজেপিৰ পৰা মোটা অংকৰ পইচা লৈ উজনি অসমত প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ বাবেই বিজেপিয়ে ২৮৮ খন আঞ্চলিক পঞ্চায়ত আৰু ১৯ জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে(Ashraful Hussain)।

চেঙা আৰু গোৱালপাৰা পূৱ সমষ্টিত একে দিনাই ৮ খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি এ আই ইউ ডি এফৰ বিধায়ক তথা দলৰ ষ্টাৰ কেম্পেইনাৰ আশ্ৰাফুল হুছেইনে বিধায়ক অখিল গগৈৰ লগতে কংগ্ৰেছক এনেদৰে ক্ষুৰধাৰ সমালোচনা কৰে। চলিত পঞ্চায়ত নিৰ্বাচনত চেঙা সমষ্টিৰ আটাইবোৰ পঞ্চায়তত AIUDF ৰ জয় নিশ্চিত বুলি দাবী কৰিছে বিধায়ক আশ্ৰাফুল হুছেইনে।

লগতে পঢ়ক : WATCH | Jorhat News : যোৰহাটৰ খঙীয়া আবিছা চুকত পিঞ্জৰাবদ্ধ বনৰজা