Local, Vocal, Global

WATCH | Jagiroad News : জাগীৰোডত নিৰ্বাচনী প্ৰচাৰ অভিনেত্ৰী আইমী বৰুৱাৰ

জাগীৰোড,৩মে’ : ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে ৷ শনিবাৰে জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও পঞ্চায়ত এলেকাত নিৰ্বাচনী প্ৰচাৰ চলায় অভিনেত্ৰী আইমী বৰুৱাই(Jagiroad News)৷

জাগীৰোডক বিজেপি চৰকাৰে যিখিনি দিলে,তাক সন্মান জনাই পুনৰ জাগীৰোডবাসীয়ে বিজেপিৰ প্ৰাৰ্থী সকলক ভোট দিব বুলি আশা প্ৰকাশ কৰে অভিনেত্ৰী আইমী বৰুৱাই ৷ জাগীৰোড শিশু উদ্যানত অনুস্থিত হোৱা নিৰ্বাচনী সভাত অভিনেত্ৰী গৰাকীৰ লগত উপস্থিত থাকে জাগীৰোডৰ জেষ্ঠ বিজেপি নেতা জীতেন্দ্ৰ কুমাৰ ডেকা, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ ,আঞ্চলিক পঞ্চায়ত আৰু গাওঁ পঞ্চায়তৰ সদস্য প্ৰাৰ্থী সকলৰ লগতে দলীয় কৰ্মী সকল আৰু স্থানীয় লোক সকল উপস্থিত থাকে ৷

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma: ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে মুখ্য়মন্ত্ৰীয়ে দিলে ভাল খবৰ