Local, Vocal, Global

WATCH | Nagaon News : চামগুৰিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁও,৩এপ্ৰিল : চামগুৰিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

চামগুৰিৰ চালনাত বিশাল জন সমুদ্ৰৰ সন্মুখত সম্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। সভা সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে – এই বছৰত দুটা গুৰুত্বপূৰ্ণ ভোট দিব লাগিব। এই বৰ্ষৰ ব’হাগত পঞ্চায়ত আৰু চ’তত বিধানসভা নিৰ্বাচন।

কংগ্ৰেছৰ দিনত লুঙী, ধুতি কম্বল, সুতা, আঠুৱা দিছিল। আৰু এটা আঁচনি আছিল গড়ৰ খৰ্গ চুৰি কৰাৰ আঁচনি। শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তিৰ বাবে কেৱল ৰেচন-কাৰ্ড দেখুৱালেই হব(Nagaon News)।

১ অক্টোবৰৰ পৰা সূলভ মুল্যৰ দোকানৰ পৰা চেনী, দাইল আৰু নিমখ ৩০ টকা কম দামত ক্ৰয় কৰিব পাৰিব। অক্টোবৰ মাহৰ পৰা ৰন্ধন গেছৰ দাম ৩৫০ টকা পৰ্য্যন্ত কমাই দিব পৰা যাব। আমি লুঙী ধুটিতকৈ ভাল চৰকাৰ চলাইছোনে ৰাইজ? প্ৰশ্ন মুখ্যমন্ত্ৰীৰ।

জুন মাহত কলিয়াবৰত মহিলা সকলে ১০ হাজাৰ টকা পাব। মেট্ৰিক পৰীক্ষাৰ্থীক এতিয়া প্ৰতি মাহে ৩০০ টকাকৈ দিব চৰকাৰে। যিমান ল’ৰা-ছোৱালীয়ে বি.এ. পাছ কৰিব, তেখেত সকলক এবছৰলৈ প্ৰতি মাহে ২৫০০ টকাকৈ দিয়া হব- ঘোষণা মুখ্যমন্ত্ৰীৰ।

উল্লেখযোগ্য যে প্ৰখৰ গৰমকো নেওচি প্ৰায় পাঁচ হাজাৰ লোকৰ সমাগম দেখা পোৱা যায় উক্ত নিৰ্বাচনী সভাখনত।

লগতে পঢ়ক : WATCH | Ranjeet Kumar Dass : চাপৰৰ ৰঙামাটিত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ