WATCH | Chapar News : ধুবুৰী জিলাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান চাপৰ প্ৰেছিডেন্সী একাডেমী ছিনিয়ৰ হায়াৰ চেকেণ্ডেৰী স্কুল
চাপৰ,৩এপ্ৰিল : ধুবুৰী জিলাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান চাপৰ প্ৰেছিডেন্সী একাডেমী ছিনিয়ৰ হায়াৰ চেকেণ্ডেৰী স্কুল। প্ৰতি বছৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা আৰু বিজ্ঞান শাখাত ভাল ফলাফল কৰি আহিছে বিদ্যালয়খনে।
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিদ্যালয় খনৰ পৰা ক’লা আৰু বিজ্ঞান শাখাত অৱত্তীৰ্ণ হোৱা ১৮৬ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৮১ গৰাকী ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত উৰ্ত্তীণ হৈ বিদ্যালয় খনৰ লগতে সমগ্ৰ চাপৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে(Chapar News)।
আজি বিদ্যালয় খনৰ পৰা উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলোক সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই। ইপিনে বিদ্যালয় খনৰ পৰা সৰ্বোচ্চ নম্বৰ লৈ উৰ্ত্তীণ হোৱা মাফিয়া খাতুনৰ পিতৃ মাতৃক ঘৰত গৈ বিদ্যালয় খনৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।
ইপিনে বিদ্যালয় খনৰ অধ্যক্ষ ড° মুজাহাৰুল আকন্দে বিদ্যালয় খনৰ ফলাফলৰ ক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে আগন্তুক দিনত ইয়াতকৈ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে।
লগতে পঢ়ক : WATCH | Goalpara News : গোৱালপাৰা বেলতলাত চাফাই কৰ্মীৰ অভিনৱ প্ৰতিবাদ