Local, Vocal, Global

WATCH | Goalpara News : গোৱালপাৰা বেলতলাত চাফাই কৰ্মীৰ অভিনৱ প্ৰতিবাদ

গোৱালপাৰা,৩এপ্ৰিল : আজি গোৱালপাৰা পৌৰসভাৰ এগৰাকী চাফাই কৰ্মীক প্ৰহাৰ কৰাত চাফাই কৰ্মচাৰী সকলে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে চাফাই কৰ্মচাৰী সকলে।

জানিব পৰা মতে, আজি দিনৰ ১১ বজাত গোৱালপাৰা পৌৰসভাৰ এগৰাকী কৰ্মচাৰীয়ে চহৰ খনৰ বেলতলাৰ বাসিন্দা কৈলাশ দাসে নিজৰ গেটৰ সন্মুখত থকা জাৱৰ চাফা কৰি দিবলৈ কয়,চাফাই কৰ্মী গৰাকীয়ে পৌৰসভা গাড়ী আহিলে চাফা কৰি দিম বুলি কৈ চাহৰ দোকান এখনত চাহ খাবলৈ আহে।

ইয়াতে ক্ষুণ্ণ হৈ কৈলাশ দাসে চাফাই কৰ্মী গৰাকীক চাহৰ দোকানৰ পৰা টানি আজুৰি আনি ৰাজপথত নিৰ্মভাৱে প্ৰহাৰ কৰে। চাফাই কৰ্মীক প্ৰহাৰ কৰাৰ পিছতেই পৌৰসভাৰ সকলো কৰ্মচাৰীয়ে একত্ৰিত হৈ কৈলাশ দাসৰ ঘৰৰ সন্মুখত থকা সকলো জাৱৰ কৈলাশ দাসৰ ঘৰৰ সন্মুখত থকা জাৱৰ সমূহ ৰাজপথত পেলাই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে চাফাই কৰ্মী সকলে(Goalpara News)।

এই সন্দৰ্ভত গোৱালপাৰা পৌৰসভাৰ পৌৰ আয়ুক্ত সংবাদ মাধ্যমৰ আগত কয় যে,”এগৰাকী শিক্ষিত তথা অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী কৈলাশ নাথে চাফাই কৰ্মীক প্ৰহাৰ কৰা ঘটনা অতি নিন্দনীয়। চাফাই কৰ্মী সকলে ৰদ বৰষুণক নেওচি তেওঁলোকে চহৰখন পৰিষ্কাৰ কৰি ৰাখে।তেওঁলোকৰ লগত এগৰাকী শিক্ষিত লোকে শাৰীৰিক ভাৱে প্ৰহাৰ কৰা কোনো পধ্যেই গ্রহণযোগ্য হব নোৱাৰে।

চাফাই কৰ্মীচাৰি সকলে যি ধৰণে ন্যায় বিচাৰিব সেই মতে আমি পৌৰ আয়ুক্ত সকলে পদক্ষেপ লম বুলি উল্লেখ কৰে পৌৰ আয়ুক্ত জাহিদুল ইছলামে”। ইতিমধ্যে চাফাই কৰ্মীক প্ৰহাৰ কৰা কৈলাশ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।কৈলাশ দাসৰ গ্ৰেপ্তাৰৰ পিছতেই চাফাই কৰ্মী সকলে ৰাজপথ চাফচিকুণ কৰি প্ৰতিবাদ সামৰে।আজি আবেলিৰ ভাগত পৌৰ আয়ুক্ত সকলে একত্ৰিত হৈ কৈলাশ দাসৰ বিৰুদ্ধে গোৱালপাৰা সদৰ আৰক্ষী থানা’তএজাহাৰ দাখিল কৰা হব বুলিও উল্লেখ কৰে পৌৰ আয়ুক্ত জাহিদুল ইছলামে।

লগতে পঢ়ক : WATCH | Panchayat Election: ৭ মে’ত বঙাইগাঁও জিলাত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন