WATCH | Gaurav Gogoi : ‘মই মুখ্যমন্ত্ৰীৰ লগত অসমৰ ৰাইজৰ হৈ যুঁজি আছোঁ আৰু অসমৰ ৰাইজৰ হৈ যুঁজি যাম’
নলবাৰী,৩মে’ : মই দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজিম আৰু আপোনালোকে নলবাৰী, টিহু, বৰক্ষেত্ৰীত অগপ বিজেপিৰ বিৰুদ্ধে যুঁজ দি থাকক।
নলবাৰী জিলাৰ নৱগঠিত টিহু সমষ্টিৰ শনিৰোডত ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।
নিশালৈকে নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ গৌৰৱ গগৈৰ ভাষন শুনিবলৈ হাজাৰ হাজাৰ লোকৰ উপস্থিত ।
পাকিস্তানৰ সম্পৰ্ক থকা অভিযোগ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ তথ্য সহকাৰে প্ৰকাশ কৰাৰ আহ্বান সাংসদ গৌৰৱ গগৈৰ ।
কংগ্ৰেছৰ উত্থানত বিজেপিৰ নিশা হ’লে টোপনি নহাৰো অভিযোগ গৌৰৱ গগৈৰ(Gaurav Gogoi) ।
টিহু সমষ্টিৰ শনিৰোডত পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চালায় সাংসদ গৌৰৱ গগৈয়ে।
এক বিশাল ৰেলীৰে আহি শেষত শনিৰোডত নিৰ্বাচনী সভাত সাংসদ গৌৰৱ গগৈয়ে ভাষন ৰাখে।
নিৰ্বাচনী সভাত সাংসদগৰাকীয়ে ভাষনৰ মাজতে বিজেপিক তুলাধূনা সাংসদ গৌৰৱ গগৈৰ ।
কংগ্ৰেছৰ প্ৰাৰ্থী সকলক ভয় ভাবুকিৰে বিজেপিয়ে দমন কৰাৰ অভিযোগ তুলি ৰাইজক বিচলিত নহবলৈ আহ্বান গৌৰৱ গগৈৰ ।
সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেইবাটাও প্ৰসংগত প্ৰতিক্ৰিয়া আগবঢ়ায় গৌৰৱ গগৈয়ে ।
গগৈয়ে কয় যে , মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যুজি আছো ।
ৰাইজৰ সমস্যাক লৈ তেওৰ লগত যুঁজি আছো অসমৰ যুৱক সকলে চাকৰি নাপায় হাহাকাৰ কৰিছে ।
কিন্তু মুখ্যমন্ত্ৰীয়ে মোৰ লগত যুজি আছে ব্যক্তিগত ।
বাৰে বাৰে গৌৰৱ গগৈক কিয় বিজেপিয়ে টাৰ্গেত কৰি লয় বুলি সাংবাদিকৰ এক প্ৰশ্নত সাংসদ গৰাকীয়ে কয় যে,বিজেপিয়ে কংগ্ৰেছৰ চৰকাৰ হ ‘ব বুলি ভয় কৰিছে ।
কংগ্ৰেছৰ উত্থানৰ চিন্তাত নিশা টোপনি নোহোৱা হৈছে যাৰ বাবে বাৰে বাৰে বিজেপিয়ে গৌৰৱ গগৈক টাৰ্গেত কৰি লোৱা বুলিও প্ৰতিক্ৰিয়া আগবঢ়ায় । আনহাতে উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Sipajar News : ছিপাঝাৰত বিজেপি মিত্ৰজোঁটৰ প্ৰচাৰ তীব্ৰতৰ