Local, Vocal, Global

WATCH | Sipajar News : ছিপাঝাৰত বিজেপি মিত্ৰজোঁটৰ প্ৰচাৰ তীব্ৰতৰ

ছিপাঝাৰ,৩এপ্ৰিল : অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনকলৈ ছিপাঝাৰৰ পঞ্চায়তে পঞ্চায়তে দলীয় প্ৰাৰ্থী সকলৰ নিৰ্বাচনী প্ৰচাৰ অধিক তীব্ৰতৰ হৈ উঠিছে।

বিশেষকৈ সমষ্টিটোৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত প্ৰাৰ্থী সকলৰ নিৰ্বাচনী প্ৰচাৰ উথপথপ হৈ পৰিছে। উল্লেখিত পঞ্চায়তখনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলৰ  প্ৰচাৰে ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। আজি পঞ্চায়তখনৰ ঘোপেলী গাঁৱত ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী মোস্তাক হুছেইনে বহু সমৰ্থকক লগত লৈ ঘোপেলী গাঁৱত ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই(Sipajar News)।

প্ৰাৰ্থী গৰাকীয়ে পোন্ধৰ বছৰে কংগ্ৰেছে পঞ্চায়ত খনৰ ৰাইজৰ ৰাস্তা ঘাটৰ একো এটা উন্নয়ন কৰিব নোৱাৰাৰ পিছত এইবাৰ তেওঁ ওলাই আহিছে আৰু ৰাজ্যত চৰকাৰ, সমষ্টিত  বিধায়াক , সাংসদ বিজেপিৰ‌ আছে সেয়ে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে তেওঁক ৰাইজে মৰমেৰে আঁকোৱালি ল’লে ৰাইজৰ তথা ৰাস্তাঘাটৰ উন্নয়ন সহজ হৈ পৰিব বুলি উল্লেখ কৰে।

ইফালে প্ৰাৰ্থী গৰাকীৰ সমৰ্থক সকলে মোস্তাক হুছেইন জিন্দাবাদ,বিজেপি জিন্দাবাদ, পৰমা ৰাজবংশী জিন্দাবাদ জয়ধ্বনিৰে মুখৰিত কৰি তোলে গাঁও খনৰ আকাশ বতাহ।প্ৰাৰ্থী গৰাকীৰ লগত পঞ্চায়তখনৰ বিজেপি দলৰ প্ৰভাৰী হৰেণ ডেকাও সহযোগ কৰে।

লগতে পঢ়ক : WATCH | Road Accident : নিশা কাছাৰৰ কাটিগড়াত ভয়ংকৰ দুর্ঘটনা;আহত দুজন