WATCH | Panchayat Election: গোৰেশ্বৰত কংগ্ৰেছৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ
গোৰেশ্বৰ,৩এপ্ৰিল : দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা পঞ্চায়ত নিৰ্বাচনকলৈ কমলপুৰ বিধানসভা সমষ্টিত অসম প্ৰদেশ কংগ্ৰেছৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ।
প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মতলেবউদ্দিন আহমেদৰ একেদিনাই কৰৰা,ঈচাৰকেম্প,লোক্ৰাবৰনগৰ আদি অঞ্চলত ১০খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ।
ইয়াৰে ঈচাৰকেম্পত এখন সভাত অংশগ্ৰহণ কৰি মতলেবউদ্দিন আহমেদে জটিয়াভাঙ্গাৰা গাঁও পঞ্চায়তৰ ৯নং ৱাৰ্ডৰ ৰাইজৰ মনোনীত সদস্যা পদৰ প্ৰাৰ্থী আনোৱাৰা খাতুনৰ সমৰ্থনত প্ৰচাৰ চলায়।
সভাত ভাষণ দি মতলেবউদ্দিন আহমেদে কমলপুৰ সমষ্টিৰ শাসকীয় দলৰ বিধায়ক দিগন্ত কলিতাৰ সমালোচনাত মুখৰ হৈ পৰে। সমষ্টিটোৰ ৮০শতাংশ পথ বোকাময় হৈ থকা বুলি দাবী কৰে মতলেবউদ্দিন আহমেদে(Panchayat Election)।
কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে সমষ্টি উন্নয়নত ব্যৰ্থ দিগন্ত কলিতাই উন্নয়নমূলক কামৰ বাবেই ৰাইজে বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থীক ভোট দিব বুলি কোৱাৰ লগতে সমষ্টিটোত কংগ্ৰেছৰ অস্তিত্ব শূণ্য হব বুলিও প্ৰচাৰ চলাইছে। কিন্তু প্ৰশ্ন হয় কংগ্ৰেছৰ অস্তিত্ব শূণ্য যদি মন্ত্ৰী পীযুষ হাজৰিকাক মাতি আনি প্ৰচাৰ চলাব লগা হৈছে কিয়? অভিজিৎ নাথাকে ধৰি বহু সংখ্যক দলীয় কৰ্মী উপস্থিত থকা সভাত মতলেবউদ্দিন আহমেদে আনোৱাৰা খাতুন জয়ী হোৱাতো নিশ্চিত বুলি দাবী কৰে।
লগতে পঢ়ক : WATCH | Pramod Boro : ‘প্ৰমোদ বড়োৱে বিটিআৰত শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিছে’