Local, Vocal, Global

WATCH | Gelakey News : নাজিৰাত সন্ধানহীন উদিয়মান কন্ঠশিল্পী মিন্টু হাজৰিকা

গেলেকী,১মে’ : নাজিৰাত সন্ধানহীন উদিয়মান কন্ঠশিল্পী মিন্টু হাজৰিকা।

নিজ গৃহৰ পৰাই সন্ধানহীন উদিয়মান যুৱ কন্ঠশিল্পী মিন্টু হাজৰিকা।

মঙলবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত নাজিৰা আমোলাপট্টি ৬ নং ৱাৰ্ডৰ নিজা বাসগৃহৰ পৰা ওলাই গৈ ৰহস্যজনক ভাৱে সন্ধানহীন হৈ পৰে যুৱ কন্ঠশিল্পী গৰাকী(Gelakey News)।

শেহতীয়াকৈ ঘৰৰ পৰা কিছু নিলগত দিখৌ নদীৰ সমীপত এযোৰ চেণ্ডেল উদ্ধাৰ হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক।

উদ্ধাৰ হোৱা ছেণ্ডেল যোৰ উক্ত যুৱক জনৰে হ’ব পাৰে বুলি আশংকা।

ইয়াৰ সন্দেহত SDRF বাহিনীৰ ডুবাৰু আহি অনুসন্ধান আৰম্ভ কৰিছে।

লগতে পঢ়ক : WATCH | HS Result : হাইস্কুল শিক্ষান্ত পৰীক্ষাত গেলেকী চেন্টাৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰী স্নেহা কোঁৱৰক সম্বৰ্ধনা