Local, Vocal, Global

WATCH | HS Result : হাইস্কুল শিক্ষান্ত পৰীক্ষাত গেলেকী চেন্টাৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰী স্নেহা কোঁৱৰক সম্বৰ্ধনা

গেলেকী,১মে’ : হাইস্কুল শিক্ষান্ত পৰীক্ষাত গেলেকী চেন্টাৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰী স্নেহা কোঁৱৰক সম্বৰ্ধনা ।

গেলেকী আঞ্চলিক শৈক্ষিক বিকাশ ন্যাসৰ সৌজন্যত প্ৰয়াত সৰ্বেশ্বৰ শইকীয়া আৰু প্ৰয়াত কলীমাই শইকীয়া সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰা হয় ছাত্ৰী গৰাকীক ।

আজি গেলেকী শিঙিবিল গাঁৱৰ নিৱাসী অমৃত কোঁৱৰ আৰু বুলী কোঁৱৰৰ কন্যা স্নেহা কোঁৱৰক নিজৰ বাসগৃহত প্ৰদান কৰা হয় এই বঁটা।

স্নেহা কোঁৱৰে সদ্য ঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত গেলেকী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যাপীঠৰ পৰা ডিষ্টিংকচন সহ ৮৬.৭০ শতাংশৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে(HS Result)।

এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বঁটাৰ দাতা বীৰেণ শইকীয়া, ন্যাসৰ সঞ্চালক সুৰেশ চেতিয়া, কাৰ্যবাহী সঞ্চালকদ্বয় মামণি গগৈ দুৱৰা, হেমন্ত ৰাজখোৱা, সচিব প্ৰধান বাণীকান্ত গগৈ,কোষাধ্যক্ষ আব্দুল হেলিম, কাৰ্যবাহী সচিব গুণ মৰাণ , প্ৰচাৰ সচিব দিপালী ৰাধীকা, ৰাম নায়ক, প্ৰবাল বৰঠাকুৰ,সাংগঠনিক সচিব ললিত গগৈ,দূৰ্লভ গগৈ, মুখপাত্ৰ ড: অম্লান জ্যোতি গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষেশ্বৰ কোঁৱৰ,গেলেকী প্ৰেছ ক্লাৱৰ সভাপতি ৱাহিদ আলী

এই বঁটাত আছিল এখন স্মাৰক,এখন সম্বৰ্ধনা পত্ৰ,এখন চেলেং চাদৰ, এখন গামোচা আৰু নগদ তিনি হাজাৰ এশ একৈশ টকা। গেলেকী আঞ্চলিক শৈক্ষিক বিকাশ ন্যাসৰ এনে সময়োপযোগী পদক্ষেপত সমগ্ৰ গেলেকীবাসী ৰাইজে গভীৰভাৱে সন্তোষ প্ৰকাশ কৰিছে।

লগতে পঢ়ক : WATCH | Panchayat Election : পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা পথক লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ