Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটৰ যুৱক দেৱৰ্ষি নাথৰ বিৰল স্বীকৃতি অৰ্জন

জামুগুৰিহাট,১মে’ : জামুগুৰিহাটৰ বাকোলা মাজগাঁৱৰ ১৭ বছৰীয়া যুৱক দেৱৰ্ষি নাথে MR Grand winner বঁটা লাভ কৰি এক বিৰল স্বীকৃতি অৰ্জ্জন কৰিবলৈ সক্ষম হৈছে ৷

Flimcity Mumbai অনুষ্ঠিত হৈ যোৱা Grand India International 2025 ৰ আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশবিদেশৰ বিভিন্ন প্ৰতিযোগীৰ মাজত এক বিৰল স্বীকৃতি অৰ্জ্জন কৰিলৈ সক্ষম হোৱা ছাত্ৰ গৰাকীৰ এই সফলতাকলৈ উৎফুল্লিত হৈছে পিতৃ মাতৃ আৰু পৰিয়ালবৰ্গৰ লগতে গাঁওবাসী(Jamugurihat News)৷

দ্বাদশ শ্ৰেণীৰ ছাত্ৰ দেৱৰ্ষি নাথ জামুগুৰিহাটৰ বাকোলা মাজগাও নিৱাসী তপন নাথ আৰু অনিমা দেৱীৰ সুযোগ্য সন্তান৷ MR Grand Winner বটাৰ জৰিয়তে বিৰল স্বীকৃতি অৰ্জ্জন কৰি গাঁও খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে গাঁওবাসী ৰাইজে দেৱৰ্ষি নাথক অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামন কৰিছে৷

লগতে পঢ়ক : WATCH | Jamugurihat News : বালিপৰাৰ ৰে’লৰ তাঁৰত লাগি মৃত্যু এজন লোকৰ