WATCH | Jamugurihat News : বালিপৰাৰ ৰে’লৰ তাঁৰত লাগি মৃত্যু এজন লোকৰ
জামুগুৰিহাট,১মে’ : শোণিতপুৰৰ বালিপৰাত অঘটন।
বালিপৰাৰৰ ৰে’লৰ তাঁৰত লাগি মৃত্যু এজন লোকৰ ৷
বালিপৰাৰ বামগাঁওৰ সমীপৰ ৰে’ল লাইনত সংঘটিত হৈছে এই ঘটনা।
ৰে’লৰ ২৫০০০ ভল্টৰ তাঁৰ লাগি মৃত্যু লোকজনৰ ৷
ৰে’লৰ তাঁৰ চুৰি কৰিবলৈ আহি কৰুণ মৃত্যুক সাৱটি ল’লে লোকজনে(Jamugurihat News)৷
জ্বলি শেষ হৈছে লোকজনৰ মৃতদেহটো৷
ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷
বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ।
লগতে পঢ়ক : WATCH | HS Result : ৯১% শতাংশ নম্বৰ লাভৰে ৰঙাপৰালৈ গৌৰৱ কঢ়িয়াই আনিছে চিন্ময় নাথে