Local, Vocal, Global

WATCH | HS Result : ফেৰীৱালাৰ জীয়ৰী ৰৌজিনা খাতুনৰ সাফল্য

মৈৰাবাৰী,১মে’ : ফেৰীৱালাৰ জীয়ৰী ৰৌজিনা খাতুনৰ সাফল্য। টিউচন পঢ়াই পঢ়া খৰচ উলিয়াই উচ্চতৰ মাধ্যমিকত ৭১.৬ শতাংশ নম্বৰ লাভ।

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ৰৌজিনা খাতুনৰ ফলাফলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

মৈৰাবাৰীৰ দুৰবান্ধি গাঁৱৰ চাইদুল ইছলাম পেছাত এজন ফেৰিৱালা(HS Result)।

কোনোমতে পৰিয়াল পোহপাল দিয়া লোকজনৰৰ কণ্যা ৰৌজিনা খাতুনে আজি মৈৰাবাৰী মহাবিদ্যালয়ৰ পৰা শিক্ষা বিভাগ আৰু ৰাজনীতি বিজ্ঞান বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

পিতৃয়ে পঢ়াৰ খৰছ বহন কৰিব নোৱাৰাত ৰৌজিনা খাতুনে সৰু সৰু ছাত্ৰ ছাত্ৰীক টিউচন কৰাই নিজৰ পঢ়া খৰছ উলিয়াই উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হয়।

ছাত্ৰী গৰাকীৰ এই কৃতিত্বত পৰিয়াল তথা অঞ্চলবাহীয়ে উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক : WATCH | Poor conditions of roads: বকোৰ ১নং জামবাৰীত স্থানীয় ৰাইজৰ প্ৰতিবাদ