WATCH | Sonari News : চৰাইদেউত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে জিলা প্ৰশাসনে
সোণাৰি,১ মে’ : চৰাইদেউত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে জিলা প্ৰশাসনে।
সোণাৰি মহাবিদ্যালয়ত স্থাপন কৰা অস্থায়ী কাউণ্টাৰ সমূহৰ পৰা ইতিমধ্যে বেলট বক্স, বেলট পেপাৰ আৰু নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ সংগ্ৰহ কৰি নিৰ্বাচনী কৰ্তব্যত নিয়োজিত হোৱা কর্মচাৰী সকলে নিজ নিজ ভোট গ্ৰহণ কেন্দ্ৰ সমূহলৈ যাবলৈ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে(Sonari News)।
সমগ্ৰ প্ৰক্ৰিয়াটো যাতে শান্তিপূৰ্ণ ভাবে সম্পন্ন হয় সেয়া নিশ্চিত কৰিবৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।