WATCH | Jamugurihat News : উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ উজলিল খনামুখ মডেল একাডেমী

জামুগুৰিহাট,৩০এপ্ৰিল : HSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা৷ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ উজলিল খনামুখ মডেল একাডেমী। ফলাফল ঘোষণাৰ পাছতেই উখল-মাখল পৰিৱেশ বিদ্যালয়খনত।
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ উজলিল খনামুখ মডেল একাডেমি। জামুগুৰিহাটৰ নিকটবৰ্ত্তী খনামুখৰ এই বিদ্যালয় খনে পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰো ভাল ফলা ফল দেখুৱাবলৈ সক্ষম হৈছে(Jamugurihat News)।
পৰীক্ষাত অৱতীৰ্ণ মুঠ ৫০ গৰাকীৰ ভিতৰত ৫০ গৰাকীয়েই উৰ্ত্তীণ হয়। বিদ্যালয় খনৰ উৰ্ত্তীণ হাৰ ১০০%। ইয়াৰে প্ৰথম বিভাগ লাভ কৰে ২৬ গৰাকীয়ে৷ ষ্টাৰ ৯ গৰাকী , ড্ৰিছট্ৰিংচন ১ গৰাকীৰ লগতে মনিছ চেত্ৰী নামৰ ছাত্ৰ গৰাকী ৮৬% আৰু ছাত্ৰী পায়েল বৰা , মিতালী ওৰাঙে ৮৪ % নম্বৰ লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে ।
বিদ্যালয় খনে প্ৰতি বছৰে ভাল ফলা ফল প্ৰদৰ্শন কৰাৰ বাবে অভিভাবক সকলক লগতে স্থানীয় ৰাইজে বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলক ভূয়সী প্ৰশংসা কৰে।
লগতে পঢ়ক : WATCH | Sonari News : চৰাইদেউৰ আইদেউবাৰী চাহ বাগিছাত অস্থায়ী শ্ৰমিকৰ প্ৰতিবাদ